ETV Bharat / state

কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিৰ সংবাদমেল

বৈজ্ঞানিক পদ্ধতিৰে কাছৰ পোৱালি জগাই প্ৰায় বিলুপ্তিৰ পথত থকা বৰমূৰীয়া কাছ সংৰক্ষণৰ চেষ্টা ডাক্টৰ জায়াদিত্য পুৰকাষ্টৰ ৷

কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিৰ সংবাদমেল
author img

By

Published : Jun 17, 2019, 8:08 AM IST

গুৱাহাটী, 17 জুনঃ কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত এক সংবাদমেলৰ আয়োজন কৰে বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিয়ে । সংবাদমেলত ডাক্টৰ জায়াদিত্য পুৰকাষ্টই জানিবলৈ দিয়ে যে, বৰ্তমান সময়ত প্ৰায় বিলুপ্তিৰ পথত থকা কাছক সংৰক্ষণ কৰাৰ উদ্দেশ্যে বৈজ্ঞানিক পদ্ধতিৰে কাছৰ কণীৰ পৰা পোৱালি জগোৱাৰ কথা । লগতে গুৱাহাটীস্থিত উগ্ৰতৰা মন্দিৰৰ ওচৰৰ জোৰ পুখুৰীত থকা কাছ সমূহৰ মৃত্যুৰ মূল কাৰণ হৈছে পুখুৰীটোৰ চাৰিওকাষৰ পকী দেৱাল ৷

কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিৰ সংবাদমেল

উল্লেখ্য যে, ভাৰতৰ ভিতৰতে অসমত আটাইতকৈ বেছি কাছৰ প্ৰজাতি পোৱা যায় বুলি উল্লেখ কৰে জায়াদিত্যই । কিন্তু তাৰ মাজতে বৰমূৰীয়া কাছৰ দৰে বহু প্ৰজাতিৰ কাছ হেৰাই গৈছে অসমৰ পৰা । মন্দিৰৰ পুখুৰী সমূহত বহু এনে প্ৰজাতিৰ কাছ আছে যিবোৰ নদী বিল সমূহত পোৱা নাযায় । গতিকে এই মন্দিৰ সমূহত থকা কাছ সমূহক সংৰক্ষিত কৰিবৰ বাবে চৰকাৰৰ সাহাৰ্যৰ লগতে মন্দিৰ কৰ্তৃপক্ষৰ সহায়ৰ প্ৰয়োজন বুলি উল্লেখ কৰে পুৰকাষ্টই ৷

Intro:কাছৰ সংৰক্ষণক লৈ উগ্রতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিয়ে আজি এখনি সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত উপস্থিত থকা ডক্টৰ জায়াদিত্য পুৰকাষ্টই বৰ্তমান সময়ত প্ৰায় বিলুপ্তিৰ পথত থকা কাছক সংৰক্ষণ কৰি কাছৰ কণীৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে পোৱালি যগোৱাৰ কথা জানিবলৈ দিয়ে । আৰু লগতে গুৱাহাটীস্থিত উগ্রতৰা মন্দিৰৰ ওচৰৰ জোৰ পুখুৰীত থকা কাছৰ মৃত্যুৰ কাৰণ পুখুৰীটোৰ চাৰিওকাশৰ পকী ৱাল বুলি তেওঁ কয়। পকী ৱাল ভাঙি পুখুৰীত নদীৰ বালি আনি দি কাছ সংৰক্ষণ কৰিব পাৰি বুলি তেওঁ কয় আৰু এইক্ষেত্ৰত চৰকাৰৰো সাহায্য দাবী কৰে তেখেতে।

Body:সংবাদমেলত পুৰকাষ্ট ডাঙৰীয়াই কয় যে ভাৰতৰ ভিতৰতে অসমত আটাইতকৈ অধিক কাছৰ প্ৰজাতি পোৱা হয়।কিন্তু তাৰ মাজতে বৰমূৰীয়া কাছৰ দৰে বহু প্ৰজাতিৰ কাছ হেৰাই গৈছে অসমৰ পৰা। মন্দিৰৰ পুখুৰী সমূহত বহু এনে প্ৰজাতিৰ কাছ আছে যিবোৰ নদী বিল সমূহত পোৱা নাযায় । গতিকে এই মন্দিৰ সমূহত থকা কাছ সমূহক সংৰক্ষিত কৰিবৰ বাবে চৰকাৰৰ সাহাৰ্য লগাৰ লগতে মন্দিৰ কৰ্তৃপক্ষৰ সহায়ৰ প্ৰয়োজন বুলি কলে পুৰকাষ্ট ডাঙৰীয়া ই।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.