ETV Bharat / state

সৰুপথাৰ চৰকাৰী শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম - শৌচালয়

প্ৰতিগৰাকী বিপিএল পৰিয়ালক শৌচালয় নিৰ্মাণ বাবে চৰকাৰে আৱণ্টন দিয়ে ১২,৩০০ টকা

golaghat toilet
author img

By

Published : Mar 12, 2019, 12:54 AM IST

গোলাঘাট, ১১ মাৰ্চঃ গোলাঘাটৰ সৰুপথাৰ পৌৰসভাৰ ২ নং ৱাৰ্ডত চৰকাৰী শৌচালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ হিতাধিকাৰীৰ । শৌচাগাৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীক ঠিকাদাৰে নিম্নমানৰ ইটা,বালি, টিন আদি যোগান ধৰাৰ অভিযোগ কৰে হিতাধিকাৰীসকলে । উল্লেখযোগ্য যে, প্ৰতিগৰাকী বিপিএল পৰিয়ালক শৌচালয় নিৰ্মাণ বাবে চৰকাৰে ১২,৩০০ টকা আৱণ্টন দিয়ে । কিন্তু সেই টকাৰ সদব্যৱহাৰ হোৱা নাই সৰুপথাৰ পৌৰ সভাত । ঠিকাদাৰৰে পৌৰ সভাৰ বিষয়া কৰ্মচাৰীৰে গোপন বুজাবুজি কৰি হিতাধিকাৰীক দাবি ধমকি দি নিম্নমানৰ সামগ্ৰীৰে শৌচাগাৰ নিৰ্মাণ কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰে হিতাধিকাৰীয়ে । আনহাতে, শৌচালয় নিৰ্মাণ সম্পূৰ্ণ নহওতেই হিতাধিকাৰীক ঠগ প্ৰৱঞ্চনা কৰি ফটো তুলিবলৈও ঠিকাদাৰে জো যা চলাইছে বুলি অভিযোগ কৰে হিতাধিকাৰীয়ে । যাৰ পৰিপ্ৰেক্ষিতত ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈছে ভুক্তভোগী হিতাধিকাৰী ।

golaghat

Golaghat 11.03.2019
SLUG : GOLAGHAT SUBSTANDARD TOILET
A_GLT_801_11MAR_GOLAGHAT_SUBSTANDARD_TOILET_VISUAL_1_DIGANTA_SAHU
A_GLT_802_11MAR_GOLAGHAT_SUBSTANDARD_TOILET_BYTE_1_DIGANTA_SAHU
A_GLT_803_11MAR_GOLAGHAT_SUBSTANDARD_TOILET_BYTE_2_DIGANTA_SAHU
O.C. : গোলাঘাটৰ সৰুপথাৰ পৌৰসভাৰ ২ নং ৱাৰ্ডত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীক শৌচালয় নিৰ্মাণ কৰি দিয়াৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰিছে হিতাধিকাৰীয়ে। শৌচাগাৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীক ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ইটা, বালি, টিন আদি যোগান ধৰাৰ অভিযোগ কৰিছে হিতাধিকাৰীয়ে। যোগান ধৰা টিন কাগজৰ দৰে পাতল আৰু ইটা অতি নিম্নমানদাণ্ডৰ 
V. O. প্ৰতিগৰাকী BPL পৰিয়ালক চৰকাৰে কম খৰচত শৌচালয় নিৰ্মানৰ বাবে ১২,৩০০ টকা আৱন্টন দিছে।  কিন্তু সেই টকাৰ সদব্যৱহাৰ হোৱা নাই সৰুপথাৰ পৌৰ সভাত। ঠিকাদাৰৰে পৌৰ সভাৰ বিষয়া কৰ্মচাৰীৰে গোপন বুজাবুজি কৰি হিতাধিকাৰীক দাবি ধমকি দি নিম্নমানৰ সামগ্ৰীৰে শৌচাগাৰ নিৰ্মাণ কৰি দিছে। শৌচালয় নিৰ্মাণ সম্পূৰ্ণ নহওতেই  হিতাধিকাৰীক ঠগ প্ৰৱঞ্চনা কৰি ফটো তুলি বিল লবলৈ জো যা চলাইছে ঠিকাদাৰে | ঠিকাদাৰৰ এনে আচৰণত ক্ষুদ্ধ হিতাধিকাৰী |
Byte 1 Benificiary 
Byte 2 Beneficiary
V. O. : ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ সাজু হৈছে ভুক্তভোগী হিতাধিকাৰী। দোষীক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে হিতাধিকাৰী সকলে চৰকাৰক দাবী জনাইছে।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: -- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.