ETV Bharat / state

"দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে অধিক আসন লাভ কৰিব"-ৰিপুন বৰা

author img

By

Published : Apr 17, 2019, 3:16 PM IST

বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পাঁচটা লোকসভা সমষ্টিৰ নিৰ্বাচনত কংগ্ৰেছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতকৈ অধিক আসন লাভ কৰিব বুলি আশাবাদী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা।

- ৰিপুন বৰা

গুৱাহাটী,17এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দৰ মাজতে অহা ১৮ এপ্ৰিলত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়টো অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইপিনে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা পাঁচটা লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলে তিনিখন আসন লাভ কৰিব বুলি আশাবাদী কংগ্ৰেছ দল। লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই জনোৱা অনুসৰি প্ৰথম পৰ্যায়ৰ তুলনাত দ্বিতীয় পৰ্যায়তো কংগ্ৰেছ দলে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভিতৰৰ কংগ্ৰেছ দলে চাৰিখন আসন অথবা পাঁচ খন আসনেই লাভ কৰিব বুলি আশাবাদী ৰিপুন বৰা ৷

নিৰ্বাচনক লৈ আশাবাদী ৰিপুন বৰা

Intro:অহা ১৮ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব লগা পাঁচটা লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতকৈ অধিক আসন কংগ্ৰেছে লাভ কৰিব বুলি আশাবাদী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা। কংগ্ৰেছে পাঁচ খনৰ ভিতৰত চৰি খন বা পাঁচ খনে পাব কংগ্ৰেছে।

Body:ৰিঙালী বিহুৰ আনন্দৰ মাজতে অহা ১৮ এপ্ৰিলত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। বিহুৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অসমৰ পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়টো অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক সংখ্যক ৰাইজ ওলাই আহি নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰাত প্ৰতিটো ৰাজনৈতিক দল আশাবাদী যে ৰাইজৰ সঁহাৰি তেওঁলোকৰ দলৰ প্ৰতি। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা পাঁচটা লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলে তিনি খন আসন লাভ কৰিব বুলি কংগ্ৰেছ দল আশাবাদী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আত্মবিশ্বাসী যে প্ৰথম পৰ্যায়ৰ তুলনাত দ্বিতীয় পৰ্যায়ত কংগ্ৰেছ দলে অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভিতৰৰ কংগ্ৰেছ দলে চাৰি খন আসন অথবা পাঁচ খন আসনে লাভ কৰিব।

বাইট : ৰিপুন বৰা

Conclusion:প্ৰথম পৰ্যায়ৰ অসমৰ পাঁচটা লোকসভা সমষ্টিৰ ভিতৰত কলিয়াবৰ আৰু তেজপুৰ সমষ্টিৰ ওপৰত সকলোৰে দৃষ্ঠি থকাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত সকলোৰে দৃষ্টি থাকিব নগাঁও আৰু শিলচৰ লোকসভা সমষ্টিৰ ওপৰত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.