ETV Bharat / state

কেৱল সংখ্যালঘু ভোটৰ লালসাতেই কেবৰ বিৰোধিতা কৰিছে কংগ্ৰেছেঃ ৰমেন ডেকা - ৰমেন ডেকা

বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰমেন ডেকাই এখন সংবাদমেল সম্বোধন কৰি বিৰোধী পক্ষক লৈ ভিন্ন মন্তব্য কৰে ৷

etv bharat
author img

By

Published : Apr 4, 2019, 8:21 AM IST

গুৱাহাটী, 4এপ্ৰিলঃ " মই নিজে স্থাপন কৰিছো বিজেপি দল ৷ মই আৰু মোৰ লগত আছিল মাত্ৰ তিনিজন ৷ মই দলৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে, বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰমেন ডেকাই এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷ উক্ত সংবাদ মেলত ৰূপম গোস্বামীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সংবাদ মেলত ৰমেন ডেকাই মন্তব্য কৰে যে লোকসভা নিৰ্বাচনত পূৰ্বতকৈ বেছি ভোটত জয় লাভ কৰিব এইবাৰ বিজেপিয়ে ।

বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰমেন ডেকাৰ সংবাদমেল

মঙলদৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগ নোলোৱা অভিযোগ খণ্ডন কৰি ডেকাই কয় "আপোনালোকে নিজেই দেখিছে মই কিমান লাগিছো প্ৰচাৰত" ৷ আনহাতে সংবাদমেলত মোদী চৰকাৰৰ ৫ বছৰীয়া শাসনৰ খতিয়ানো দাঙি ধৰে সাংসদ গৰাকীয়ে ৷ "উজ্জ্বলা আঁচনি"ৰ পৰা মুদ্ৰা আঁচনি, কনকলতা সবলীকৰণ আঁচনিৰ জৰিয়তে অসমৰ যুৱতীৰ কৰ্মসংস্থাপনৰ সুযোগ দিয়া ইত্যাদি বিষয়ে সভাত মন্তব্য কৰে ৰমেন ডেকাই ৷ ইয়াৰোপৰি ঔদ্যোগিক ক্ষেত্ৰ আৰু নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত সোধা প্ৰশ্নৰ উত্তৰত কোনো তথ্য নাই বুলি কয় ৰমেন ডেকাই ।

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.