ETV Bharat / state

দল বিশেষে নহয় প্ৰাৰ্থী বিশেষে ভোট দিয়কঃ টাই আহোম যুৱ পৰিষদ - etv bharat

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত শাসকীয় দলক তীব্ৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷ আগন্তুক নিৰ্বাচনত ৰাইজে স্থানীয় সমস্যাক সংসদত সজোৰে উত্থাপন কৰিব পৰাকৈ এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ আহ্বান সংগঠনটোৰ ।

etv bharat
author img

By

Published : Apr 3, 2019, 3:48 AM IST

গুৱাহাটী, 3 এপ্ৰিল: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি টাই আহোম যুৱ পৰিষদে আগন্তুক নিৰ্বাচনত দল বিশেষে নহয়প্ৰাৰ্থী বিশেষেহে ভোটদান কৰিবলৈ অনুৰোধ জনায় অসমবাসী ৰাইজক ৷ লগতে, সাম্প্ৰতিক সময়ত ৰাইজৰ আৱেগক নিঃশেষ কৰা, মিথ্যাচাৰ অৱলম্বন কৰি কেৱল ৰাইজৰ প্ৰতাৰণা কৰি অহা চৰকাৰখনক উৎখাত কৰিবলৈও সংবাদমেল যোগে ৰাইজক আহ্বান জনায় সংগঠনটোৱে ৷

দল বিশেষে নহয় প্ৰাৰ্থী বিশেষে ভোট দিয়কঃ টাই আহোম যুৱ পৰিষদ

মিছাৰ আশ্ৰয় লৈ জনসাধাৰণৰ প্ৰতাৰণা কৰা চৰকাৰ খনে নিজ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাতো ব্যৰ্থ হ’ল ৷ নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহ অসমলৈ আহি কৈছিল যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হ‘লে দুদিনত বিদেশী বৰ্জন কৰিব বিজেপি চৰকাৰখনে ৷ পিছে, দেখা গ’ল যে নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত কৰিবলৈহে উঠি পৰি লাগিলে বিজেপি চৰকাৰ ৷ ঠিক তেনেদৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল বুলিও প্ৰকাশ কৰে সংগঠনটোৱে ৷

Intro:সমাগত নিৰ্বাচনত অসমৰ ৰাইজে স্থানীয় সমস্যাক সংসদত সজোৰে উত্থাপন কৰা আৰু এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ আহ্বান টাই আহোম যুৱ পৰিষদৰ।মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত।ৰাইজলৈ এই। আহ্বান সংগঠনটোৰ ।লগতে সংবাদমেলত বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ।তেওঁ লোকৰ অভিযোগ ২০১৪ চনত চৰকাৰ গঠন কৰাৰ সময়ত যি সমূহ প্ৰতিশ্ৰুতি দিছিল সেয়া আজিও হৈ নুঠিল ‌নিবনুৱা সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতি কৰনকে আদি কৰি বহু সমস্যা সমাধানত গুৰুত্ব নিদিয়াক লৈ সৰৱ হয় সংগঠনটো ।ইয়াৰ বিপৰীতে অসমত জাপি দিব খোজা হল নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতিধ্বংসী বিধেয়ক ।যাৰ বাবে অসমৰ ৰাইজে নিজৰ বিচাৰ বিবেচনাৰে ভোট গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

Body:লিপিকা ডেকা ‌

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.