ETV Bharat / state

চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিছে, অসমৰ ভৱিষ্যত ভয়াৱহ হ'বঃ প্ৰদ্যুৎ বৰদলৈ

সমূহ নগাঁৱবাসীক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিলে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কথা স্বীকাৰ কৰি বিজেপি-RSSক ক্ষুৰধাৰ সমালোচনা কৰে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে

নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল
author img

By

Published : May 26, 2019, 9:35 PM IST

গুৱাহাটী, 26 মে': দেওবাৰে মহানগৰীৰ হোটেল অম্বৰীচত নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক সংবাদমেল সম্বোধন কৰে। নগাঁৱৰ সকলো ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে বৰদলৈয়ে। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ কথা স্বীকাৰ কৰি বিজেপি-RSSক ক্ষুৰধাৰ সমালোচনা কৰে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে। লোকসভা নিৰ্বাচনত চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিছে। অসমৰ ভৱিষ্যত ভয়াৱহ হ'ব বুলিও সংবাদমেলত মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

লগতে সাংসদ গৰাকীয়ে কয় যে, "বিজেপিয়ে এতিয়া দুখন পৃথিৱী সৃষ্টি কৰিছে। সৰু পৃথিৱীখনত ধৰ্মীয় সংখ্যালঘুসকলক আৰু ডাঙৰ পৃথিৱীত হিন্দুসকলক অন্তৰ্ভুক্ত কৰিছে ৷" নগাঁৱৰ সকলো ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে কংগ্ৰেছক ভোট দিছে বুলি দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । আনহাতে একাংশ কংগ্ৰেছীয়ে ৰিপুণ বৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কমিটিক পত্ৰ প্ৰেৰণ কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

Intro:দেওবাৰে মহানগৰীৰ হোটেল অম্বৰীচত নৱনিৰ্বাচিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক সংবাদমেল সম্বোধন কৰে। নগাঁৱৰ সকলো ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে বৰদলৈয়ে। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ কথা স্বীকাৰ কৰি বিজেপি-RSSক ক্ষুৰধাৰ সমালোচনা কৰে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে। লোকসভা নিৰ্বাচনত চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিছে। অসমৰ ভৱিষ্যত ভয়াৱহ হ'ব বুলিও সংবাদমেলত কয় প্ৰদ্যুৎ বৰদলৈয়ে।

Body:ইফালে বিজেপিয়ে এতিয়া দুখন পৃথিৱী সৃষ্টি কৰিছে। সৰু পৃথিৱীখনত ধৰ্মীয় সংখ্যালঘুসকলক আৰু ডাঙৰ পৃথিৱীত হিন্দুসকলক অন্তৰ্ভুক্ত কৰিছে বুলি মন্তব্য কৰে বৰদলৈয়ে। নগাঁৱৰ সকলো ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে কংগ্ৰেছে ভোট দিছে বুলি দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে। আনহাতে একাংশ কংগ্ৰেছীয়ে ৰিপুণ বৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কমিটিক পত্ৰ প্ৰেৰণ কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.