নাৰেংগী, ৩ জুলাইঃ মহানগৰীত অব্যাহত আছে চোৰৰ অভিযান । এইবাৰ চোৰে চাফাই চলালে নাৰেংগীৰ পূব ঔঘূলীৰ যোগেশ্বৰ ডেকা নামৰ লোকজনৰ ঘৰত । ঘৰত কোনো নথকাৰ সুযোগ লৈ মংগলবাৰে নিশা চোৰে চলালে লুটপাট । বৰবাৰীত থকা নিজৰ হোটেললৈ পৰিয়ালটো যাওঁতেই তৰ্জা বেৰ কাটি ঘৰৰ ভিতৰত চোৰে প্ৰৱেশ কৰে আৰু নগদ ধনসহ সোণৰ আ অলংকাৰ লুটি লৈ যায়। ইয়াৰোপৰি পৰিয়ালৰ অভিযোগ মতে,বন্ধন বেংকৰ পৰা লোৱা প্ৰায় দুই লাখ মান টকাও চোৰে লুটি লৈ যায় ।
আৰু পঢ়কঃ পৰৱৰ্তী 7 বছৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ’ব ভাৰত