গুৱাহাটী, 4 এপ্ৰিল: অহা 6 এপ্ৰিল তাৰিখে মহানগৰীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব ‘মিষ্টাৰ শৰাইঘাট- ক্লাচিক বডি বিল্ডিং চেম্পিয়নশ্বিপ ’ প্ৰতিযোগিতা ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’বলগীয়া এই দেহশ্ৰী প্ৰতিযোগিতাৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী ৷ বুধবাৰে মহানগৰীৰ বিশ্বৰত্ন হোটেলত এক সংবাদমেলযোগে এইকথা প্ৰকাশ কৰিলে অনুষ্ঠানটোৰ উদ্যোক্তা মণ্ডলীয়ে ৷
উক্ত প্ৰতিযোগিতাখনিত খিতাপ দখল কৰা প্ৰথম দহ গৰাকী প্ৰাৰ্থীক বিশেষভাৱে পুৰস্কৃত কৰা হ’ব বুলিও প্ৰকাশ উদ্যোক্তাসকলে ৷ প্ৰথম খিতাপ দখল কৰা প্ৰতিযোগীয়ে লাভ কৰিব ডেৰ লাখ টকা, দ্বিতীয় পুৰস্কাৰ এক লাখ টকা, তৃতীয় পুৰস্কাৰ আশী হাজাৰ টকা, চতুৰ্থ পুৰস্কাৰ ষাঠি হাজাৰ টকা ঠিক সেইদৰে, পঞ্চম পুৰস্কাৰ পঞ্চাশ হাজাৰ আৰু বাকী পাঁচগৰাকী প্ৰতিযোগীক প্ৰদান কৰা হ'ব পঁচিশ হাজাৰ টকা ।
ইয়াৰোপৰিও, প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকিব ইণ্ডিয়ান বডি বিল্ডাৰ ফেডাৰেশ্যনৰ সম্পাদক চেতন পাথহাৰ ৷ উদ্যোক্তাসকলে প্ৰকাশ কৰা অনুসৰি এইবাৰৰ ‘ক্লাচিক বডি বিল্ডিং চেম্পিয়নশ্বিপ ’ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী প্ৰতিযোগীয়ে ৷