গুৱাহাটী, ১০ মে': গুৱাহাটীত শুকুৰবাৰে ৰাতিপুৱা ৬.৩০ বজাত ৰে'লৰ অনুসন্ধান কৰ্মচাৰীয়ে মঞ্জু শ্বেখ নামৰ এজন লোকক নিচাযুক্ত দ্ৰব্যৰ সৈতে গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহৰ সন্দেহত কোচ বিহাৰৰ ২৮ বছৰীয়া লোকজনক ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20190510-wa0011_1005newsroom_1557467843_928.jpg)
ডিমাপুৰৰ পৰা কোচবিহাৰ অভিমুখী ৰে'ল খনত প্ৰায় ৭৮০০ সংখ্যক নিচাযুক্ত টেবলেট কোচ বিহাৰলৈ কঢ়িয়াই নিওতে আটক কৰা হয় লোকজনক। এন ডি আৰ এচ অধিনিয়মৰ অধীনত লোকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ লগতে তেওঁক আটক কৰে ৰেল আৰক্ষীয়ে।