গুৱাহাটী,22 মে': এন ডি আৰ এফৰ জোৱান পিতৃ ৰাম কিশোৰ আৰু মাতৃয়ে আজৰি সময়ত দিয়ে আশীষক চাইক্লিঙৰ বিশেষ প্ৰশিক্ষণ ৷ বায়ু প্ৰদূষণ ৰোধ আৰু শৰীৰ সুস্থ কৰি ৰখাৰ উদ্দেশ্যে বিভিন্ন স্থানলৈ চাইকেলেৰে যাত্ৰা কৰিছে কণমানি আশীষ আৰু তেওঁৰ পৰিয়ালে। কণমানি আশীষৰ এনে এক মহৎ উদ্দেশ্যত ইটিভি ভাৰত অসমেও জনালে বিশেষ অভিনন্দন ৷
চাইক্লিং কৰি ভালপোৱা এটি ছবছৰীয়া কণমানি - গুৱাহাটী
১০০ কিঃমিঃ চাইক্লিঙেৰে সকলোৰে প্ৰশংসা বুটলিছে মহানগৰীৰ আজাৰাৰ ছবছৰীয়া এটি কণমানিয়ে
![চাইক্লিং কৰি ভালপোৱা এটি ছবছৰীয়া কণমানি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3349017-620-3349017-1558514782215.jpg?imwidth=3840)
চাইক্লিং কৰি ভালপোৱা এটি ছবছৰীয়া কণমানি
গুৱাহাটী,22 মে': এন ডি আৰ এফৰ জোৱান পিতৃ ৰাম কিশোৰ আৰু মাতৃয়ে আজৰি সময়ত দিয়ে আশীষক চাইক্লিঙৰ বিশেষ প্ৰশিক্ষণ ৷ বায়ু প্ৰদূষণ ৰোধ আৰু শৰীৰ সুস্থ কৰি ৰখাৰ উদ্দেশ্যে বিভিন্ন স্থানলৈ চাইকেলেৰে যাত্ৰা কৰিছে কণমানি আশীষ আৰু তেওঁৰ পৰিয়ালে। কণমানি আশীষৰ এনে এক মহৎ উদ্দেশ্যত ইটিভি ভাৰত অসমেও জনালে বিশেষ অভিনন্দন ৷
চাইক্লিং কৰি ভালপোৱা এটি ছবছৰীয়া কণমানি
চাইক্লিং কৰি ভালপোৱা এটি ছবছৰীয়া কণমানি
Slug: as_ghy_22may_kid cycling story_801_as10002
চাইকেলিং কৰি ভাল পোৱা এটা ৬বছৰীয়া কণমানি। শেহতীয়াকৈ ১০০ কিমি চাইকেলিঙৰে সকলোৰে প্ৰসংশা বুটলিছে কনমানিটোৱে। মহানগৰীৰ আজাৰাৰ কণমানিটোৰ নাম আশীষ। কেন্দ্ৰীয় বিদ্যালয় বৰঝাৰৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত কণমানি আশীষ। প্ৰায় ৩বছৰ বয়সৰে পৰা চাইকেল চলাই আছে কণমানিটিয়ে। আশীষৰ পিতৃ আৰু মাতৃৰো বিশেষ ৰাপ আছে চাইকেলিঙত। আশীষৰ পিতৃ ৰাম কিশোৰ এন ডি আৰ এফৰ জোৱান। আজৰি সময়ত পুত্ৰক চাইকেলিঙৰ প্ৰশিক্ষণ দিয়ে পিতৃ কিশোৰে। বায়ু প্ৰদুষণ ৰোধ আৰু শৰীৰ সুস্থ ৰখাৰ উদ্দেশ্যে বিভিন্ন স্থানলৈ চাইকেল যাত্ৰা কৰিছে কণমানি আশীষ আৰু তেওঁৰ পৰিয়ালে। যোৱা ১৮ তাৰিখে কনমানি আশীষ সহ পাঁচজনীয়া দল এটাই শ্বিলং পৰা চেৰাপুঞ্জীলৈ মুঠ ১০০ কিমি চাইকেলিং যাত্ৰা কৰে। বায়ু প্ৰদুষণ ৰোধ, শৰীৰ সুস্থ ৰখা আৰু যানজঁটৰ সমস্যা হ্ৰাসৰ বাবে চাইকেলৰ ব্যৱহাৰ আদি কাৰণৰ ক্ষেত্ৰত সজাগ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই চাইকেল যাত্ৰা। শ্বিলঙৰ একা বেঁকা পাহাৰীয়া পথত চাইকেল চলাই কেনে লাগিল সেয়া ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে কনমানিটোৱে। ইফালে ৰাজ্যিক পৰ্যায়ৰ বহু চাইকেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে কনমানি আশীষে। কনমানিটোৰ সপোন পূৰণ হওঁক, আৰু আন দহজনৰ বাবে আদৰ্শ হওঁক আশীষ।
Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932