“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |
কবি মই নাছিলো কোনোকালে |
মৃত্যুক শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেণ ভট্টাচাৰ্যৰ আজি মৃত্যু দিৱস । 2012 চনৰ আজিৰ দিনটোতে জীৱন নাটৰ যৱনিকা পৰিছিল অসমীয়াৰ প্ৰিয় কবিগৰাকীৰ । 1932 চনৰ 28 জুলাইত যোৰহাট জিলাত জন্মগ্ৰহণ কৰা হীৰুদা কেৱল এজন জনপ্ৰিয় কবিয়ে নহয় এগৰাকী গীতিকাৰ হিচাপেও সকলোতে পৰিচিত । একেলেঠাৰিয়ে তেওঁ আছিল এজন সাংবাদিকও, জনপ্ৰিয় আলোচনী 'প্ৰান্তিকৰ' কাব্য বিভাগৰ সম্পাদক পদত তেওঁ বহুদিন কাৰ্যনিৰ্বাহ কৰিছিল । বহু কেইখন কালজয়ী কাব্যগ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি যোৱা হীৰুদাই 1991 চনত 'শইচৰ পথাৰ মানুহ' কাব্য সংকলনৰ বাবে লাভ কৰে সন্মানীয় সাহিত্য অকাডেমী বঁটা । হিৰুদাৰ মতে কবিতাবোৰ হ'ব লাগে জীৱনৰ লগত সম্পৰ্কিত । তেনেই সাধাৰণ শব্দৰ ব্যৱহাৰ কৰি লিখা হিৰুদাৰ কবিতাবোৰ আছিল ভাৱত তত্বগধূৰ কিন্তু সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল । তাৰে উদাহৰণ তেওঁৰ এই কবিতাৰ শাৰীবোৰ
তুমিটো জানাই
এই কবিৰ আৰু একো নাই |
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই |
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই |
— ভোগালী (1971)
মৃত্যুক জীৱনৰ কঠিন শিলত এটি নিৰ্লোভ ভাস্কৰ্য্য হিচাপে সজাব খোজা এইগৰাকী সুগন্ধী পখিলাৰ কবিৰ মৃত্যুবাৰ্ষিকীত ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালোঁ শ্ৰদ্ধাঞ্জলি ।