ETV Bharat / state

অম্বুবাচীৰ সুৰক্ষা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক

author img

By

Published : May 10, 2019, 3:44 PM IST

অসমৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ হোৱাৰ সন্দেহত এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন । কামাখ্যা ধামতো আইএছআইএছৰ আক্ৰমণৰ সন্দেহত মন্দিৰ পৰিচালনা সমিতিৰে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ ।

অম্বুবাচীৰ সুৰক্ষা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক

গুৱাহাটী, ১০ মে': অসমৰ লগতে গুৱাহাটী মহানগৰী কুখ্যাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হোৱাৰ সন্দেহত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন । এই সম্পৰ্কত বিভিন্ন বিভাগসমূহলৈ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে বিশেষ সতৰ্কবাণীও প্ৰেৰণ কৰিছে । ঠায়ে ঠায়ে আৰক্ষী তথা প্ৰশাসনে সজাগতামূলক সভাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে ।

অম্বুবাচীৰ সুৰক্ষা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক

কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইএছআইএছে মা কামাখ্যা ধামত কূটাঘাতকাৰী আক্ৰমণ চলোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে । এই লৈ এতিয়া মন্দিৰ পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনৰ মাজত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হয় । বৈঠকত উপস্থিত থাকি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, দীপক কুমাৰ, জয়ন্ত বৰুৱাকে ধৰি বহুকেইজন আৰক্ষী বিষয়াই নিৰাপত্তাজনিত দিশ, অম্বুবাচী সন্দৰ্ভত আলোচনা কৰে । অম্বুবাচী উপলক্ষ্যে মন্দিৰৰ নিৰাপত্তা অধিক কটকটীয়া কৰাৰ কথা উল্লেখ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ।

Intro:কুখ্যাত সন্ত্ৰাসবাদীৰ এইবাৰ লক্ষ্য অসমৰ লগতে গুৱাহাটী মহানগৰী। ইতিমধ্যেই সম্পূৰ্ণ সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। বিভিন্ন বিভাগলৈ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে দিছে বিশেষ সতৰ্কবাণী। ঠায়ে ঠায়ে আৰক্ষী তথা প্ৰশাসনে আয়োজন কৰি আছে সজাগতামূলক সভা। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISISৰ লক্ষ্য হ'ব পাৰে মা কামাখ্যা ধাম। শুকুৰবাৰে কামাখ্যাত অনুষ্ঠিত হয় এক উচ্চস্তৰীয় বৈঠক। মন্দিৰ পৰিচালনা সমিতি, আৰক্ষী-প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় এই বৈঠক। নিৰাপত্তাজনিত দিশ, অম্বুবাচী সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। বৈঠকত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা উপাযুক্ত বিশ্বজিৎ পেগু, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, জালুকবাৰী শাখাৰ ACP জয়ন্ত বৰুৱা, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ডেকাকে প্ৰমুখ্য কৰি মন্দিৰৰ পৰিচালনা সমিতিৰ সদস্যসকল।

Body:অম্বুবাচী উপলক্ষ্যে মন্দিৰৰ নিৰাপত্তা অধিক কটকটীয়া কৰাৰ কথা উল্লেখ কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে। তাৰোপৰি মন্দিৰৰ সমস্যাসমূহ আলোচনা কৰে এই বৈঠকত।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.