গুৱাহাটী, 13 জুুনঃ চতুৰ্থবাৰৰ বাবে ৰাকেশ পালৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ভঙাগড় থানাৰ গোচৰত অভিযুক্ত ৰাকেশ পালৰ বিৰুদ্ধে ন্য়ায়ালয়ত চলি আছে কেবাটাও গোচৰ ৷
ভঙাগড় গোচৰৰ বাবে পূৰ্বেও তিনিবাৰ জামিন আবেদন কৰিছিল ৰাকেশ পালে । পূৰ্বৰ তিনিবাৰৰ দৰে এইবাৰো নাকচ হয় পালৰ জামিন আবেদন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ তিনিবাৰৰ দৰে চতুৰ্থ বাৰো নাকচ কৰিলে জামিন আবেদন । ন্যায়াধীশ ৰুমী কুমাৰ ফুকনে 1503/2019 নম্বৰৰ জামিন আবেদন নাকচ কৰে ৷