ETV Bharat / state

কৰিমগঞ্জত ছাত্ৰ-ছাত্ৰীৰ পেলুৰ দৰবক লৈ শংকা - karimganj

জয়পুৰৰ বিবেক ফাৰ্মাচেম নামৰ এটা কোম্পানীৰ পৰা যোগান ধৰিছিল এই পেলুৰ দৰব

karimganj
author img

By

Published : Feb 28, 2019, 3:08 PM IST

কৰিমগঞ্জ,28 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জত পেলুৰ দৰবৰ নামত কি দিছে ছাত্ৰ-ছাত্ৰীক । ৰাজ্যৰ স্বাস্থ্য বিভাগে বিগত 4 ফেব্ৰুৱাৰীত কৰিমগঞ্জৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিছিল ALBENDAZOLE নামৰ এবিধ পেলুৰ দৰব । এই দৰবটো ছাত্ৰ-ছাত্ৰীসকলক 24 ঘণ্টা পানীত তিয়াই থৈ খাবলৈ পৰামৰ্শ আগবঢ়াইছিল শিক্ষকে । কিন্তু 24ঘণ্টা পানীত তিয়াই থোৱাৰ পাচতো পানীৰ লগত মিহলি ন'হল স্বাস্থ্য বিভাগৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰা পেলুৰ দৰবটো । ইতিমধ্যে এই দৰৱটো সেৱন কৰিছে বহুতো ছাত্ৰ-ছাত্ৰীয়ে । যাৰ বাবে শংকিত হৈছে অভিভাৱকসকল ।

উল্লেখ্য যে, জয়পুৰৰ বিবেক ফাৰ্মাচেম নামৰ এটা কোম্পানীৰ পৰা যোগান ধৰিছিল এই পেলুৰ দৰব ।

klarimganj

Intro:পেলুৰ দৰৱ সৰবৰাহৰ নমুনা

Body:ৰাজ্যেৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই নিজৰ বিভাগটোৰ উন্নতি সাধন হোৱা বুলি সদায় ফটা ঢোল বজাই থাকে।আচলতে এই বিভাগৰে সৰবৰাহ কৰা পেলুৰ দৰবৰ নমুনা দেখিলে আপোনাৰ টোপনি নোহোৱা হৈযাব।স্বাহ্য বিভাগে যোৰা চাৰি ফেব্ৰুৱাৰীৰ পৰা কৰিমগঞ্জ জিলাৰ শিক্ষক সকলক নিজৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বন্টন কৰিবলৈ দিছিল ALBENDAZOLE নামৰ এবিধ পেলুৰ দৰব । কিন্তু এই দৰবটো যেন একপ্ৰকাৰ বৰবিহ।এয়া ইতিমধ্যে পোহৰলৈ আহিছে।এই দৰবটো চব্বিশ ঘণ্টা পানীৰ পাত্ৰত তিয়াই ৰখাৰ পিছতো দেখিবলৈ পোৱা যায় যে দৰবটো মিহলি নহয়।ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে সেৱন কৰিছে এই দৰব।তাৰ মানে যিসকলে ইতিমধ্যে সেৱন কৰিছে সেই কনকন ছাত্ৰছাত্ৰীৰ অবস্থা কি হব?আনহাতে আশা কৰ্মীয়ে ঘৰে ঘৰে গৈ বন্টন কৰিছে এই দৰব।জানিবলৈ পোৱা গৈছে জয়পুৰৰ বিবেক ফাৰ্মাচেম নামৰ এটা কোম্পানীয়ে এই দৰব যোগান ধৰিছিল।প্ৰশ্ন এনেবোৰ দৰব কিহৰ ভিত্তিত স্বাস্থ্য বিভাগে কনকন লৰা ছোৱালীক খোৱাৰ কাৰণে বন্টন কৰিলে।

Conclusion:এয়া স্বাহ্য ৰাজ্যেৰ ছাত্ৰছাত্ৰীৰ ভৱিষ্যতৰ লগত ধেমালি কৰা হোৱা নাই জানো?এতিয়া ৰাজ্যেৰ স্বাস্থ্য মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া হব লক্ষ্যণীয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.