ETV Bharat / state

এয়া কেৱল টকা লোৱা ভোট দিয়া ব্যৱস্থা, ক'ত গ'ল নৰেন্দ্ৰ মোডীৰ সুশাসনঃ ছিয়া টায়া - Cash Seized

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰুণাচল ভ্ৰমণৰ পূৰ্বেই অৰুণাচলৰ পাছিঘাটত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাহনৰ পৰা উদ্ধাৰ হয় ১.৮ কোটি টকা । নিৰ্বাচনৰ পূৰ্বে এইদৰে টকা উদ্ধাৰ হোৱাটো গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ আখ্যা অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ

ছিয়া টায়া
author img

By

Published : Apr 3, 2019, 7:31 PM IST

ইটানগৰ, ৩ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই উত্তাল হৈ পৰিছে অৰুণাচল প্ৰদেশৰ ৰাজনীতি । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ ব্যক্তিগত বাহনৰ পৰা ১.৮ কোটি টকা উদ্ধাৰ হোৱাক লৈ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰে ৰাজনীতি উত্তাল হৈ পৰিছে ।

মঙলবাৰে নিশাৰ ভাগত ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ তৎপৰতাত উপ-মুখ্যমন্ত্ৰীৰ AR-01K-0009 নম্বৰৰ ব্যক্তিগত বাহনৰ পৰা এইদৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ধনৰাশি । আনহাতে এই ঘটনাৰ পাছতেই বৰ্তমান সময়লৈকে নিৰ্বাচনী বিষয়াই কোনো মন্তব্য কৰা নাই যদিও ৰাজ্যিক কংগ্ৰেছে বিয়লিৰ ভাগত এখনসংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত অংশগ্ৰহণ কৰেঅৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছিয়া টায়াই ।

ছিয়া টায়া
যিটো সময়ক দূৰ্নীতিমুক্ত নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য তেনেস্থলত শাসনাধীষ্ঠিত বিজেপি দলৰ এগৰাকী উপ-মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাহনৰ পৰা টকা উদ্ধাৰ হোৱা ঘটনাটো অতিকে দুৰ্ভাগ্যজনক আৰু কংগ্ৰেছ দলে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি কয় টায়াই । তেওঁ লগতে কয় যে, নিৰ্বাচনৰ বাবে বাহুবল আৰু ধনবল দুয়োটাই অতিকে দুৰ্ভাগ্যজনক । বিজেপিয়ে চৰকাৰী যন্ত্ৰক বিপথে পৰিচালনা কৰি এইদৰে হেলিকপ্টাৰ আৰু ব্যক্তিগত বাহনেৰে ভোটাৰ ৰাইজৰ মাজত টকা বিতৰণ কৰি আহিছে । যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰী চকীদাৰৰ ধাৰণা আনিছে, তেনে সময়ত এইদৰে টকা বিলোৱাটো কি ব্যৱস্থাৰ প্ৰতীক, এয়া কেৱল টকা লোৱা ভোট দিয়া ব্যৱস্থা । ইয়াৰ উত্তৰ প্ৰদান কৰিব লাগিব, সুশাসনৰ কথা কোৱা প্ৰেমা খাণ্ডু আৰু নৰেন্দ্ৰ মোডীয়ে ।

উল্লেখ্য যে,বুধবাৰে দিনৰ ভাগত অৰুণাচলত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি টাপিৰ গাৱৰ হৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

অৰুনাচল প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া ,উপ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পৰা বৃহৎ পৰিমানৰ ধন জব্দ ৷

তেজপুৰ,৩ এপ্ৰিল :অৰুনাচল প্ৰদেশৰ পাচিঘাটত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমনৰ প্ৰাক্ক্ষনত মঙ্গলবাৰে নিশা নিৰ্বাচনী বিষয়াৰ তৎপৰতাত উপ মুখ্য মন্ত্ৰীৰ বাহনৰ পৰা বৃহৎ পৰিমানৰ টকা জব্দ পিছতে  
আজি প্ৰধান মন্ত্ৰী পাচিঘাটত প্ৰদেশ খনৰ বিজেপিৰ সভাপতি টাপিৰ গাৱৰ হৈ নিবাচনী প্ৰচাৰ চলাই প্ৰধান মন্ত্ৰী গৰাকীয়ে ৷
উপ মুখ্য মন্ত্ৰী চাউনা মেনৰ ব্যক্তিগত বাহনৰ পৰা 1.8 Cr. কৌটি টকা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ পাহাৰীয়া ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে  ৷ আনহাতে এই ঘটনাৰ পিছতে প্ৰদেশ খনৰ বিৰোধী দল কংগ্ৰেছে আজি বিয়লি এক সংবাদ মেলৰ আয়োজন কৰি অৰুনাচল প্ৰদেশ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটেৰী চিয়া টায়াই কয় যে ইমান সৰু ঠাই এখনত প্ৰধানমন্ত্ৰীৰ ভ্ৰমনৰ আগতে ৰাজ্য খনৰ উপ মুখ্য মন্ত্ৰীৰ পাইলট এচক'টৰে টকা সৰবৰাহ কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.