ETV Bharat / state

আৰু 12 জনৰ মৃত্যু : মৃতকৰ সংখ্যা 60 লৈ বৃদ্ধি - অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা

ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও যোৱা 24 ঘন্টাত আৰু 12 জন লোকে মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ ফলত মৃতকৰ সংখ্য়া 60 জনলৈ বৃদ্ধি পাইছে ৷

আৰু 12 জনৰ মৃত্যু : মৃতকৰ সংখ্যা 60 লৈ বৃদ্ধি
author img

By

Published : Jul 20, 2019, 10:54 PM IST

গুৱাহাটী, 20 জুলাই : লাহে লাহে অসমৰ বান পৰিস্থিতি স্বাভাৱিকৰ ফালে অগ্ৰসৰ হৈছে যদিও বানৰ কবলত মৃতকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি শনিবাৰে মুঠ 12 জনকৈ লোকে বানৰ ফলত মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ ফলত বৰ্তমানলৈকে মৃতকৰ সংখ্যা 60 জনলৈ বৃদ্ধি পাইছে ৷ নলবাৰী, ধুবুৰী আৰু দক্ষিণ শালমৰাত এজনকৈ ব্যক্তি মৃত্যু হোৱাৰ লগতে বৰপেটাত তিনিজন, মৰিগাঁৱত পাঁচজন ব্যক্তিয়ে যোৱা ২৪ ঘণ্টাত মৃত্যুক আঁকোৱালি লৈছে ৷ ২ গৰাকীকৈ ব্যক্তিৰ ভূমিস্খলনৰ ফলত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷

আৰু 12 জনৰ মৃত্যু : মৃতকৰ সংখ্যা 60 লৈ বৃদ্ধি

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদী বৰ্তমানেও যোৰহাট জিলাৰ নিমাতিঘাট, গোৱালপাৰা আৰু ধুবুৰীত বিপদ সীমাৰ ওপৰেদি বৈ গৈছে ৷ আনহাতে, ধনশিৰী নৈ গোলাঘাট জিলাৰ নুমলীগড় আৰু কপিলী নৈ নগাঁও জিলাৰ ধৰমতুলত বিপদ সীমাৰ ওপৰেৰে বৈ আছে । ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও 33 খন জিলাৰ ২৪ খনৰে ৭৭ টা ৰাজহ চক্ৰৰ মুঠ ৩,০২৪ খন গাঁৱৰ ৪৪,০৮,১৪২ সংখ্যক লোক এতিয়াও বানৰ কবলত ৷

Intro:যোৱা ২৪ ঘণ্টাত বানপানীৰ ফলত মৃত্যু ঘটিল আৰু ১২ গৰাকী ব্যক্তিৰ। এই ১২ গৰাকী ব্যক্তিসহ বানপানীত বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৬০লৈ।

Body:লাহে লাহে স্বাভাৱিকৰ ফালে অগ্ৰসৰ হৈছে ৰাজ্যৰ বান প্ৰতিষ্ঠিত, কিন্তু বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। আজি দিনটোত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি নলবাৰীত এজন, বৰপেটাত তিনিজন, ধুবুৰীত এজন, মৰিগাঁৱত পাঁচজন আৰু দক্ষিণ শালমাৰত এজন ব্যক্তিৰ যোৱা ২৪ ঘণ্টাত বানপানীত মৃত্যু হৈছে। এই ১২ গৰাকী ব্যক্তিসহ বৰ্তমানলৈকে ৰাজ্যত বানপানীৰ ফলত ৬০ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে, ২ গৰাকী ব্যক্তিৰ মৃত্যু ভূমিস্খলনৰ ফলত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৪খনকৈ জিলাৰ ৭৭টা ৰাজহ চক্ৰৰ ৩,০২৪খন গাঁৱৰ ৪৪,০৮১৪২ সংখ্যক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে।
Conclusion:ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাটিঘাট, গোৱালপাৰা আৰু ধুবুৰীত বিপদ সীমাৰ ওপৰত আছে। ধানশিৰী নৈ গোলাঘাট জিলাৰ নুমলীগড় আৰু কপিলী নৈ নগাঁও জিলাৰ ধৰমতুলত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.