কাছাৰ, 12 মে’ : শিলচৰ অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা ৷ সমগ্ৰ দেশত মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত একাংশ সুবিধাবাদী স্বাস্থ্যকৰ্মীয়ে কৰ’ণা প্ৰতিষেধকৰ নামত কেলেংকাৰী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কৰ’ণা মহামাৰীৰ এনে বিভীষিকাৰ সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত কৰ’ণা প্ৰতিষেধকৰ প্ৰদানৰ এটা বিকল্প ৰাস্তা ধৰা পৰিছে । যি ৰাজ্যত বিভিন্ন প্ৰান্তত কৰ’ণাৰ প্ৰতিষেধকৰ অভাৱ পৰিলক্ষিত হৈছে তেনে সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত প্ৰতিষেধকৰ চিণ্ডিকেট চলাৰ আশংকা কৰিছে একাংশই ৷
উল্লেখ্য যে, এই ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । প্ৰতিষেধক ল’বলৈ অহা ৰাইজক ঘূৰি যাবলৈ বাধ্য কৰোৱা স্বৰ্ণজিৎ পাল নামৰ এজন কৰ্মীক সংবাদ মাধ্যমৰ কৰ্মী সকলে প্ৰশ্ন উত্থাপন কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, উক্ত ঘটনাৰ উপযুক্ত তদন্ত কৰিবলৈ বিভিন্ন দল আৰু সংগঠনৰ কৰ্মীসকলে দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়ক : এনএচচিএন(আইএম)ৰ দুধৰ্ষ কেডাৰ আনং চিংফৌক আটক