ETV Bharat / state

কাছাৰ জিলাৰ জিৰিঘাটত সন্দেহ জনক দুই উগ্ৰপন্থী কেডাৰ আৰক্ষীৰ জালত - বন্দুকসহ সন্দেহ জনক

কাছাৰ আৰক্ষী আৰু ডিমা হাছাও আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই সোমবাৰে পুৱতি নিশা কাছাৰ জিলাৰ জিৰিঘাটৰ পৰা দুই সন্দেহজনক উগ্ৰপন্থীক আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কাছাৰ জিলাৰ জিৰিঘাটত সন্দেহ জনক দুই উগ্ৰপন্থী কেডাৰ আৰক্ষীৰ জালত

author img

By

Published : Oct 5, 2021, 6:11 PM IST

কাছাৰ, 5 অক্টোবৰ : কাছাৰ জিলাৰ জিৰিঘাটত বন্দুকসহ দুটা সন্দেহজনক উগ্ৰপন্থী কেডাৰ আটক হোৱাক কেন্দ্ৰকৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ৷ উল্লেখযোগ্য যে, কাছাৰ আৰক্ষী আৰু ডিমা হাছাও আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই অস্ত্ৰসহ দুই সন্দেহজনক উগ্ৰপন্থী কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে ৷

কাছাৰ জিলাৰ জিৰিঘাটত সন্দেহ জনক দুই উগ্ৰপন্থী কেডাৰ আৰক্ষীৰ জালত

আৰক্ষীৰ জালত পৰা সন্দেহজনক উগ্ৰপন্থীৰ সদস্য দুটা হৈছে ক্ৰমে কাছাৰ জিলাৰ জিৰিঘাট অঞ্চলৰ ডাৰ্নিথুম হামাৰ আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰৰ জোহোবা চোৰেই ৷ উল্লেখযোগ্য যে, সোমবাৰে পুৱতিনিশা কাছাৰ আৰক্ষী আৰু ডিমা হাছাও আৰক্ষীৰ এটা দলে কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তৰ বিজুংচাও বস্তিত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সন্দেহজনক দুই উগ্ৰপন্থী কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷

অভিযানকালত আৰক্ষীয়ে দুই উগ্ৰপন্থী কেডাৰৰ পৰা জব্দ কৰে এটা মেচিন মেইড বন্দুক, 26 জাঁই সজীৱ গুলীৰ লগতে দুযোৰ সেনাৰ পোছাক আৰু জোতা ৷ অভিযানকাৰী দলটোৱে জানিবলৈ দিয়া অনুসৰি উদ্ধাৰ কৰা সামগ্ৰী সমূহ দেখি ধৃত দুই গৰাকী লোককে কোনোবা উগ্ৰপন্থীৰ সদস্য বুলি অনুমান কৰিছে ৷

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দুয়ো গৰাকী ব্যক্তিকে জেৰা অব্যাহত ৰাখিছে জিৰিঘাট অৰক্ষী চকীত ৷ আৰক্ষীৰ সঠিক তদন্তৰ পাছতে হে পোহৰলৈ আহিব আৰক্ষীয়ে আটক কৰা ধৃত ব্যক্তি দুজন প্ৰকৃততে কোন উগ্ৰপন্থী দলৰ সদস্য ৷

লগতে পঢ়কঃ বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণী মিনি ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.