নিউজ ডেস্ক: এইবাৰ কাছাৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Encounter in Kachar)৷ শনিবাৰে নিশা আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় দুই দুধৰ্ষ ডকাইত ৷ নিহত ডকাইত দুটা ক্ৰমে কামৰুল ইছলাম আৰু আনোৱাৰ হুছেইন ৷
কাছাৰৰ বিভিন্ন থানাত এই দুই দুধৰ্ষ ডকাইতৰ ৰুজু হৈ আছিল বহুকেইটা গোচৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত যোৰাবাটত গ্ৰেপ্তাৰ কৰা হৈছিল ডকাইত দুটাক ৷ শনিবাৰে নিশা আটকাধীন দুই ডকাইতক লগত লৈ এক তদন্তৰ বাবে গৈছিল আৰক্ষী ৷ কাছাৰৰ সোণাপুৰৰ ওচৰত আৰক্ষীৰ গাড়ীৰ গতি কিছু কম হোৱাৰ সুবিধা গ্ৰহণ কৰি দুই ডকাইতে পলাবলৈ চেষ্টা কৰে ৷ ফলত ডকাইত দুটাক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় (Encounter on dacoits in Kachar) ৷
আৰক্ষীৰ গুলীচালনাত দুয়োটা ডকাইত গুলীবিদ্ধ হয় ৷ গুলীবিদ্ধ দুয়ো ডকাইতক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজত(Silchar medical college) ভৰ্তি কৰোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে ৷
লগতে পঢ়ক: Sensational Udaipur murder: উদয়পুৰ হত্যাকাণ্ড সন্দৰ্ভত NIA-ATSৰ পৰস্পৰ বিৰোধী মন্তব্য