ETV Bharat / state

অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল

author img

By

Published : Sep 13, 2020, 9:35 AM IST

শুকুৰবাৰৰ পৰা মিজোৰাম অভিমুখে যোৱা সকলো ধৰণৰ ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়ে শিলচৰ ট্ৰাক চালক সন্থাই ৷ সন্থাৰ দাবী, মিজোৰাম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰি দীৰ্ঘদিনে হৈ থকা হাৰাশাস্তি ৰোধ নকৰিলে তথা কোৱাৰেণ্টাইন কেন্দ্ৰত আৱদ্ধ চালকসকলক শীঘ্ৰে মুকলি কৰি নিদিলে অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল ৷

Truck services suspended on assam mizoram way silchar assam etv bharat news
ট্ৰাকৰ চলাচল বন্ধ

শিলচৰ,13 ছেপ্তেম্বৰ: শুকুৰবাৰৰ পৰা মিজোৰাম অভিমুখে যোৱা সকলো ধৰণৰ ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়ে শিলচৰ ট্ৰাক চালক সন্থাই ৷ সন্থাৰ দাবী, মিজোৰাম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দীৰ্ঘদিনে হৈ থকা হাৰাশাস্তি ৰোধ নকৰিলে তথা কোৱাৰেণ্টাইন কেন্দ্ৰত আৱদ্ধ চালকসকলক শীঘ্ৰে মুকলি কৰি নিদিলে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল ৷

ফলত শুকুৰবাৰৰ পুৱাৰে পৰা অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত আৱদ্ধ হৈ পৰিছে শতাধিক ট্ৰাক ৷ এনে পৰিস্থিতিত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশ ৷ শিলচৰ ট্ৰাক চালক সন্থাৰ দাবী, মিজোৰাম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দীৰ্ঘদিনে হৈ থকা হাৰাশাস্তি ৰোধ নকৰিলে তথা কোৱাৰেণ্টাইন কেন্দ্ৰত আৱদ্ধ চালকসকলক শীঘ্ৰে মুকলি কৰি নিদিলে অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল ৷

ট্ৰাকৰ চলাচল বন্ধ

ইফালে কৰ’ণা পৰীক্ষাৰ নামত মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তত ট্ৰাক চালক সকলক কৰা হাৰাশাস্তিত অতিষ্ঠ হৈ পৰিছে বাহনৰ চালক আৰু পৰিয়ালৰ লোকসকল ৷ ফলত শনিবাৰে লায়লাপুৰত অৱৰোধ কৰে শিলচৰ-আইজল সংলগ্ন ৰাষ্ট্ৰীয় ঘাইপথ ৷ পথ অৱৰোধৰ ফলত ট্ৰাকৰ বাহিৰেও তিনি শতাধিক সৰু-বৰ বাহনসমূহো আৱদ্ধ হৈ পৰে আদবাটতে ৷

লগতে চাওকঃ আৰক্ষীৰ ভয়ত নৈত জাপ দিলে ৫ জন যুৱকে, সন্ধানহীন এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.