ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 25, 2022, 9:26 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

হায়দৰাবাদত ISB ৰ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে: মোদীক আদৰণি নজনোৱাৰ সিদ্ধান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব(Modi will attend ISB event in Hyderabad) ৷ ইফালে কাৰ্যসূচীত ভাগ লবলৈ অহা প্ৰধানমন্ত্ৰীক তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে আদৰণি নজনোৱাৰ লগতে সেই অনুষ্ঠানত ভাগ নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে (CM KCR will not receive the PM)৷

পাঠদানৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰি প্ৰাণ হেৰুৱালে শিক্ষকে

ডিমৌ শিক্ষাখণ্ডৰ অধীনৰ ৰজাবাৰীৰ সমীপৰ ৫৭ নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত অঘটন ৷ শ্ৰেণীকোঠাত পাঠদান কৰা অৱস্থাতে আকস্মিকভাৱে ঢলি পৰে এগৰাকী শিক্ষক ৷ কেৱল ঢলি পৰাই নহয়, ঠাইতে মৃত্যুক সাৱটিলে শিক্ষকগৰাকীয়ে(Teacher loses his life during gunotsav) ৷ শিক্ষকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বিদ্যালয়খনত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিয়ে ৷

জুনৰ প্ৰথম ভাগত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল !

৫ জুনৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অহা ২০ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব (HSLC and HS final examination result)৷ এই কথা মঙলবাৰে জানিবলৈ দিয়ে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে ৷

Tragic incident in Barpeta Road: পাপৰ ফেক্টৰীৰ মেচিনত সোমাই নিহত শ্ৰমিক

ক্সাৰ জাখলিবিল পাথাৰৰ কৃষ্ণনগৰস্থিত "মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ" নামৰ পাপৰ বনোৱা এটা ফেক্টৰীত মঙলবাৰে এগৰাকী শ্ৰমিকৰ কৰ্মৰত অৱস্থাত মেচিনৰ ভিতৰত সোমাই কৰুণ মৃত্যু হয়(Labour death in papad making industry) ৷ নিহত শ্ৰমিকজন বাক্সাৰ লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মণৰ পুত্ৰ মাণিক বৰ্মন বুলি জানিব পৰা গৈছে ৷

PM Modi's visit to Hyderabad: অধিক কটকটীয়া কৰা হৈছে হায়দৰাবাদৰ নিৰাপত্তা ব্যৱস্থা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি হায়দৰাবাদ আৰক্ষীয়ে অধিক কটকটীয়া কৰি তুলিছে মহানগৰখনৰ নিৰাপত্তা ব্যৱস্থা (Telangana police making tight security arrangements) ৷ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ বাবেই মহানগৰখনত প্ৰায় ২,৫০০ অতিৰিক্ত আৰক্ষী জোৱান মোতায়েন কৰা হ’ব ।

নৱনিৰ্মিত চি এন চেণ্টাৰত প্ৰথমটো জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

নিউৰ'ছাৰ্জাৰীৰে আঁতৰালে মৰিগাঁৱৰ ১১ বছৰীয়া কিশোৰৰ মগজুৰ টিউমাৰ (Tumour successfully removed from brain) । চিকিৎসকক অভিনন্দন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । চি এন চেণ্টাৰৰ সভাকক্ষত হৃদৰোগ আৰু স্নায়ুৰোগৰ নতুন চিকিৎসালয়খনৰ সুপৰিচালনা সম্পৰ্কীয় দিশসমূহকলৈ আলোচনা স্বাস্থ্যমন্ত্ৰীৰ । ৯ মে'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ছুপাৰস্পেচিয়েলিটী চিকিৎসালখনত প্ৰথমটো অস্ত্ৰোপচাৰ (Amit Shah inaugurates super speciality hospital at GMCH)।

বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত মন্ত্ৰী পীযুষ হাজৰিকা

বৰপেটাৰ বাঘবৰত অৱস্থিত শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত হ’ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika visits Baithaputa Ghat Satra) ৷ বৰপেটা জিলাৰ লগতে ৰাজ্যত খহনীয়া প্ৰতিৰোধৰ বাবে কেইবা কোটি টকাৰ আঁচনি গ্ৰহণৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

লংকাত চিলনী চোৰৰ সন্ত্ৰাস: চোৰে হাতৰ পৰাই কাঢ়ি নিয়ে ম'বাইল

হোজাই জিলাৰ লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস(Thief terror at Lanka in Hojai) ৷ সোমবাৰে আৰক্ষীৰ অভিযানত হোজাইৰ লংকাত জব্দ কৰা হ’ল টুৰি ম'বাইল ৷ লোকেশ্বন ট্ৰেক কৰি আৰক্ষীয়ে জব্দ কৰিলে চুৰি হোৱা ম'বাইল ৷

মহীশূৰত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান

২১ জুনত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অনুষ্ঠান কর্ণাটকৰ মহীশূৰত অনুষ্ঠিত হ'ব । যোগ দিৱসৰ মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে সেইদিনা যোগ প্ৰদৰ্শনৰ সমূহীয়া কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিব ৷

Flood relief : ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত কেন্দ্ৰই বঞ্চনা কৰিছে অসমক !

কেন্দ্ৰীয় সাহায্যৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ তুলনাত অসমক কৰা হৈছে বঞ্চনা । কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে অসমক ২০২১-২২ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত ফুটাকড়িও দিয়া নাই । ইয়াৰ বিপৰীতে গুজৰাটক ১০০০ কোটি টকা, ঝাৰখণ্ডক ২০০ কোটি টকা, কর্ণাটকক ৬২৯.০৩ কোটি টকা, মহাৰাষ্ট্ৰক ৭০১ কোটি টকা, ওড়িষ্যাক ৫০০ কোটি টকা, তামিলনাডুক ২১৩.৫১ কোটি টকা আৰু পশ্চিমবংগক ৩০০ কোটি টকা মোকলাই দিছে । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত বানপ্ৰৱণ এলেকা বেছি । বছৰে গড়ে ২৯ লাখ হেক্টৰ ভূমিত বান হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.