কাছাৰ, 26 জুন : শিলচৰৰ টি টি মহাবিদ্যালয়ত শনিবাৰে পুৱা ক’ৰণা ভেকছিনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ভেকচিন ল’বলৈ আহি শতাধিক লোকে পথ অৱৰোধ কৰিবলৈ ধৰে ৷ ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ জানিব পৰা মতে, টি টি মহাবিদ্যালয়ত শনিবাৰে পুৱা ক’ৰণাৰ ভেকচিন প্ৰদানৰ কথা আছিল ৷ যাৰ বাবে শতাধিক লোকে ভেকচিন গ্ৰহণ কৰবলৈ পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি আছিল ৷
পুৱাৰে পৰা দীঘলীয়া শাৰীত অপেক্ষা কৰি থকা ৰাইজ ভেকচিন প্ৰদান নকৰাক লৈ উত্তেজিত হৈ পৰে ৷ উত্তেজিত ৰাইজে শিলচৰ মেডিকেল কলেজলৈ যোৱা পথছোৱা অৱৰোধ কৰে ৷ যাৰ ফলত এম্বুলেঞ্চ সহ শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে ৰাজপথত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাত আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় ৷
ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ইখনৰ পাচত সিখন SOP জাৰি কৰিছে ৷ তাৰ মাজতে শুকুৰবাৰে ৰাজ্য চৰকাৰখনে আকৌ এখন নতুন SOP জাৰি কৰে ৷ সেই অনুসৰি অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন ক’ভিড SOP ।
এসপ্তাহৰ বাবে বাহাল থাকিব নতুন SOPৰ বিধি সমূহ । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । একেদৰে ৪ খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে ৷ বিশ্বনাথ, মৰিগাঁও, গোলাঘাটৰ বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত হ'ব কণ্টেইনমেণ্ট জ’ন ।
গুৱাহাটী মহানগৰীত আবেলি ৪ বজাৰ পৰা বলৱৎ কৰা হ’ব সান্ধ্য আইন । সোমবাৰৰ পৰা কামৰূপ মেট্ৰ' জিলাত বিয়লি ৩ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব ৷ বাকী জিলাসমূহত নিৰ্দেশনাসমূহ এতিয়াৰ দৰে বাহাল থাকিব ৷ আনহাতে আন্তঃ জিলা যাতায়াত ব্যৱস্থা বন্ধ থাকিব পূৰ্ৱৰ দৰে ৷ ইপিনে সম্প্ৰতি ৰাজ্যত ২৪৭ টা ক’ৰণাৰ হটস্পট চিনাক্ত কৰা হৈছে বুলিও সদৰি কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়কঃ শনিবাৰে মুকলি কৰা হ'ব নামৰূপৰ ক’ভিড কেয়াৰ কেন্দ্ৰ