শিলচৰ,18জুনঃ শিলচৰত ৰক্ষকেই এতিয়া ভক্ষকৰ ৰুপত ৷ আৰক্ষীৰ দ্বাৰস্থ হোৱা যুৱতীক মাৰধৰ কৰি প্ৰস্ৰাৱ খোৱাৰ চেষ্টা আৰক্ষী বিষয়াৰ ৷ স্বামীৰ নিৰ্যাতনৰ পিচত আইনী সহায়ৰ বাবে আৰক্ষীৰ কাষ চপা নিৰ্যাতিত মহিলাক স্বামীৰ লগত মিলি মাৰধৰ কৰা অভিযোগ আৰক্ষী বিষয়া জোচেফ এল জুটাবৰৰ বিৰুদ্ধে ৷ এই লজ্জাজনক ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ তাৰাপুৰ আৰক্ষী চকীত ৷ নিৰ্যাতিত যুৱতীৰ অভিযোগ,এমাহৰ পূৰ্বে শিলচৰ ৰামনগৰৰ কমৰুল চদিয়ল নামৰ এজন যুৱকৰ লগত তেওঁৰ বিয়া হৈছিলে ৷ কিন্তু বিয়াৰ পিচতে যুৱকজনে তেওঁৰ পৰিয়ালৰ লগত মিলি যৌতুকৰ কাৰণে নিৰ্যাতন চলাই আহিছিল ৷ ইপিনে শুকুৰবাৰে স্বামী কমৰুলে মহিলাগৰাকীক আকৌ যৌতুকৰ দাবীত শাৰীৰিক নিৰ্যাতন চলায় ৷ এই ঘটনাৰ পিচত ১৪ তাৰিখে শিলচৰ তাৰাপুৰ আৰক্ষী চকীত উপস্থিত হৈ মহিলাগৰাকীয়ে স্বামী কমৰুলৰ ওপৰত গোচৰ তৰাৰ বাবে যাওতেই অভিযুক্ত স্বামীৰ লগত মিলি মাৰধৰ কৰে তাৰাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷
উল্লেখ্য যে এই সমস্ত ঘটনা লৈ নিৰ্যাতিত যুৱতীৰ পিতৃয়ে শিলচৰ সদৰ থানাত স্বামী কমৰুল চদিয়ল আৰু তাৰাপুৰ থানাৰ আৰক্ষীসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷ লগতে কাছাৰৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এখন লিখিত অভিযোগ দাখিল কৰিছে ৷