শিলচৰ, 6 নৱেম্বৰ:শিলচৰত ট্ৰাকৰ খুন্দাত নিহত দুৰ্ঘটনাত দুগৰাকী যুৱতীৰ ঘৰলৈ গৈ খবৰ ল'লে সাংসদ ডঃ ৰাজদীপ ৰায়ে ৷ যোৱা বুধবাৰে সন্ধিয়া শিলচৰ চহৰৰ মেহেৰপুৰ বীৰবল বজাৰত ট্ৰাকৰ খুন্দাত নিহত হৈছিল সোনালী দাস আৰু পম্পী দে নামৰ দুগৰাকী ছোৱালী ৷ বুধবাৰে মৃত যুৱতী দুগৰাকীৰ উপস্থিত হয় শিলচৰৰ সাংসদ ডঃ ৰাজদীপ ৰায় ৷ সাংসদগৰাকীয়ে ছোৱালী দুজনীৰ পৰিয়ালৰ লোকক লগ কৰি শোক প্ৰকাশৰ লগতে দুৰ্ভগীয়া পৰিয়ালদুটাৰ অৱস্থাৰ বুজ লয়।
লগতে পঢ়ক:ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বান থিয়েটাৰত সাংস্কৃতিক অনুষ্ঠান