শিলচৰ, 18 অক্টোবৰঃ শুকুৰবাৰে স্তব্ধ হৈ পৰিল শিলচৰ মিজোৰামৰ ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ মিজোৰামৰ কনপুই'ৰ পৰা সাইৰেং পৰ্যন্ত ৩৫ কিলোমিটাৰ ঘাইপথ অনতিপলমে নিৰ্মাণৰ দাবীত কেবাটাও সংগঠনে একেলগে তিনি দিনৰ বাবে জনোৱা পথ অৱৰোধত স্তব্ধ হৈ পৰিছে বৰাকৰ যাতায়ত ৷ যাৰ ফলত তিনি দিনৰ বাবে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে শিলচৰ-আইজলৰ ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। দীৰ্ঘদিন ধৰি মিজোৰামৰ কনপুই'ৰ পৰা সাইৰেং পৰ্যন্ত ৩৫ কিলোমিটাৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুওৱাৰ ফলত পথটো শীঘ্ৰেই নিৰ্মাণৰ দাবীত মিজোৰামৰ 'জোৰাম ড্রাইভাৰ্চ ইউনিয়ন,মিজোৰাম টিপাৰ এছ'চিয়েশ্যন,মিনি ট্রাক এছ'চিয়েশ্যন,টেংকাৰ ইউনিয়নে সন্মিলিতভাৱে অহ্বান জনাই এই পথ অৱৰোধ কাৰ্যসূচীৰ ৷
ইফালে মিজোৰামৰ কেবাটাও ছাত্ৰ সংগঠনে এই পথ অৱৰোধ কাৰ্যসূচীলৈ সমৰ্থন জনাইছে ৷ আনহাতে শিলচৰৰ চ্ৰাক চালক সন্থাইও সহযোগিতা আগবঢ়াইছে এই পথ অৱৰোধ কাৰ্যসূচীত ৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া পথ অৱৰোধৰ ফলত স্তব্ধ হৈ পৰিছে অতি ব্যস্ত শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথ ৷