শিলচৰ,২৬ এপ্ৰিলঃ ফেচবুকত ইছলাম ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰি উত্তেজিত জনতাৰ ক্ষোভৰ সন্মুখীন হয় অভিযুক্ত । শুকুৰবাৰে ৰামনগৰ এলেকাত এই ঘটনাৰ প্ৰতিবাদ জনাই একত্ৰিত হয় শতাধিক যুৱক ।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত লোকসকলৰ মাজৰ পৰা অভিযুক্ত যুৱকজনক উদ্ধাৰ কৰে আৰক্ষীয়ে ।