শিলচৰ,17 মেঃ 2 বছৰ অন্তত শিলচৰ ডিটেনছন কেম্পৰ পৰা মুক্তি লাভ কৰে কাছাৰৰ ফুলেৰতল অঞ্চলৰ বাসিন্দা 65 বছৰীয়া সত্য কুমাৰ দাসে । প্ৰথমাৱস্থাত তেখেত পৰিয়ালসহ মণিপুৰত বাস কৰিছিল । কিন্তু 2005 চনত পৰিয়ালসহ কাছাৰলৈ আহে সত্য কুমাৰ দাস ।
আনহাতে, 2018 বৰ্ষৰ 16 মে'ত তেখেতক বিদেশী ঘোষণা কৰি শিলচৰৰ ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা হয় । সুদীৰ্ঘ দুবছৰৰ অন্তত তেখেতক ডিটেনছন কেম্পৰ পৰা মুকলি কৰি দিয়া হয় । পিতৃৰ জামিন লাভত আনন্দিত সত্য কুমাৰ দাসৰ কন্যা ৰোমা দাস ।