ETV Bharat / state

শিলচৰত 24 ঘন্টাত 43 জনৰ দেহত ধৰা পৰিল COVID-19 - আক্ৰান্ত

শিলচৰত বিগত 24 ঘন্টাত আক্ৰান্ত সকলৰ ভিতৰত আছে সেনা,SSB,আৰু আৰক্ষীৰ জোৱানো ৷ বৰ্তমানলৈ উপত্যকাটোত 58 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷

শিলচৰত 24 ঘন্টাত 43 জনৰ দেহত ধৰা পৰিল COVID-19

author img

By

Published : Jul 11, 2020, 10:45 PM IST

শিলচৰ, 11 জুলাইঃ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পায় আছে COVID-19 আক্ৰান্তৰ সংখ্যা ৷ শিলচৰতো দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ বিগত 24 ঘণ্টাত জিলাখনত আক্ৰান্ত হৈছে 43 গৰাকী লোক ৷

ইপিনে শিলচৰ আৰক্ষী থানাতো সংক্ৰমণৰ আশংকাই দেখা দিছে ৷ জানিব পৰা মতে থানাখনৰ দুই মহিলা আৰক্ষী সংস্পৰ্শলৈ আহিছিল এগৰাকী ক'ভিড আক্ৰান্তৰ ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে সমগ্ৰ থানাখনক ছেনিটাইজ কৰা হৈছে ৷

শিলচৰত 24 ঘন্টাত 43 জনৰ দেহত ধৰা পৰিল COVID-19

উল্লেখ্য যে, বিগত 24 ঘন্টাত চিনাক্ত হোৱা 43 গৰাকী আক্ৰান্তৰ ভিতৰত সেনা, SSB, আৰু আৰক্ষীৰ জোৱানো অন্তৰ্ভুক্ত হৈ আছে ৷ আক্ৰান্ত বহু লোকৰে নাই ভ্ৰমণ বৃত্তান্ত ৷ সেয়ে গণ সংক্ৰমণৰ পূৰ্ণ আক্ৰান্ত কৰা হৈছে জিলাখনৰ ৷

বৰ্তমানলৈ উপত্যকাটোত 58 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷ তাৰে ভিতৰত 15 গৰাকীৰ হাইলাকান্দিৰ আৰু এগৰাকী কৰিমগঞ্জৰ লোক আছে ৷

জিলাখনত কৰ'ণাৰ গণ সংক্ৰমণ ৰুধিবলৈ দিনে ৰাতিয়ে চেনিটাইজ কৰা হৈছে বিভিন্ন অঞ্চল ৷ ইয়াৰ ওপৰিও শিলচৰ চহৰখনৰ সাপ্তাহিক বজাৰৰ লগতে মুখ্য বজাৰ সমূহ প্ৰশাসনে বন্ধ কৰি দিছে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত অন কেমেৰা চাইকেল চুৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.