ETV Bharat / state

শিলচৰত ৰাম মন্দিৰ বিতৰ্কঃ দুই পক্ষৰ মাজত সংঘাত

শিলচৰত ৰাম মন্দিৰক লৈ বিতৰ্ক একাংশৰ মাজত ৷ আৰক্ষীক প্ৰহাৰ আক্ৰমণকাৰীৰ ৷ চহৰখনত সান্ধ্য আইন জাৰি কৰে জিলা প্ৰশাসনে ৷

author img

By

Published : Aug 3, 2020, 9:37 AM IST

Silchar communal controversy for Ram Mandir
শিলচৰত ৰাম মন্দিৰ নিৰ্মাণক লৈ বিতৰ্ক

শিলচৰ, 3 আগষ্ট: শিলচৰত দেওবাৰে দুই বিশেষ সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ ৷ অভিযোগ অনুসৰি, শিলচৰৰ একাংশ লোকে চহৰখনৰ মাজমজিয়াৰ ঘনিয়ালাৰ এটা সম্প্ৰদায়ৰ লোকসকলৰ মাজত ৰাম মন্দিৰক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ তেওঁলোকে কোনোপধ্যেই অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰক সহজে মানি ল’ব পৰা নাই ৷ এইয়া একাংশলোকৰ অভিযোগ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ৷

শিলচৰত ৰাম মন্দিৰ নিৰ্মাণক লৈ বিতৰ্ক

সেয়েহে ইয়াৰ প্ৰতিবাদস্বৰূপে দেওবাৰে বিশেষ সম্প্ৰদায়ৰ লোকসকলে চহৰখনৰ আন এক সম্প্ৰদায়ৰ লোকক শিলগুটিৰে আক্ৰমণ কৰে । প্ৰত্যুত্তৰত আনটো সম্প্ৰদায়ৰ লোকসকলও আগবাঢ়ি আহে ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীকো প্ৰহাৰ কৰে আক্ৰমণকাৰীসকলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত ৰাবাৰ বুলেট প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰক্ষীয়ে।

ঘটনাস্থলীত কাছাৰ আৰক্ষী অধীক্ষক বানোৱাৰী লাল মিনা আৰু আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক চাউথৰ্ন দিলীপ দে’ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে, সোমবাৰৰ পৰা সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছে জিলা প্ৰশাসনে । সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত থাকিলেও এলেকাটোত আতংক অব্যাহত আছে ৷

লগতে পঢ়ক : শিলচৰত উত্তেজনাময় পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.