ETV Bharat / state

উত্তপ্ত পৰিস্থিতি অসম বিশ্ববিদ্যালয়ৰ চৌহদ! - শিলচৰ অসম বিশ্ববিদ্যালয়

অসম বিশ্ববিদ্যালয়ত পুনৰ উত্তপ্ত পৰিস্থিতি ৷ ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি দুই ছাত্ৰ গোষ্ঠীৰ মাজত সংঘটিত হয় মাৰপিত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাবে আৰক্ষী মোতায়েন ৷

অসম বিশ্ববিদ্যালয়
উত্তপ্ত পৰিস্থিতি অসম বিশ্ববিদ্যালয়ৰ চৌহদ!
author img

By

Published : Feb 20, 2020, 5:01 AM IST

Updated : Feb 20, 2020, 12:30 PM IST

শিলচৰ, 19 ফেব্ৰুৱাৰীঃ শিলচৰ অসম বিশ্ববিদ্যালয়ত পুনৰ উত্তপ্ত পৰিস্থিতি ৷ ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি দুই ছাত্ৰ গোষ্ঠীৰ মাজত সংঘটিত হয় মাৰপিত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাবে আৰক্ষী মোতায়েন ৷ ঘটনাস্থলীত উপস্থিত সাংসদ ৰাজদ্বীপ ৰয় ৷ দুয়ো পক্ষৰ ছাত্ৰৰ লগত আলোচনা ৰাজদ্বীপ ৰয়ৰ ৷ বিশ্ববিদ্যালয়ৰ মূল গেটৰ সম্মুখত এই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷

উত্তপ্ত পৰিস্থিতি অসম বিশ্ববিদ্যালয়ৰ চৌহদ!

উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত দুই ছাত্ৰ গোষ্ঠীৰ মাজত সংঘটিত হয় মাৰপিতৰ ঘটনা ৷ বিগত 10 দিন ধৰি বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ নেতা মিলন দাসক বহিস্কাৰ কৰাৰ প্ৰতিবাদত বিশ্ববিদ্যালয়ৰ সম্মুখত আন্দোলন কৰি আহিছে ৷ ১০ দিন দৰি আন্দোলন কৰি থকাৰ ফলত বিশ্ববিদ্যলয়ত চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যলয়ৰ ভালেসংখ্যক ছাত্ৰ- ছাত্ৰীয়ে ছাত্ৰ সংসদৰ আন্দোলনৰ প্ৰতিবাদ কৰে ৷ ছাত্ৰ- ছাত্ৰী সকলৰ যুক্তি প্ৰধান গেটৰ সম্মুখত আন্দোলন বাদ দি আন ঠাইত আন্দোলন কৰিলে ছাত্ৰ-ছাত্ৰী সহ বিশ্ববিদ্যলয়ৰ কৰ্মচাৰী সকলৰ কোনো অসুবিধাৰ সৃষ্টি নহয় ৷ যাক লৈ বুধবাৰে দিনৰ ভাগত গৱেষণাৰত ছাত্ৰ ছাত্ৰী সকলৰ লগত তুমূল বাকযুদ্ধত লিপ্ত হৈছিল আন্দোলনকাৰী ছাত্ৰ সংসদৰ ছাত্ৰ ছাত্ৰীসকল ৷ নিশা একেই বিষয়লৈ আকৌ দুয়ো পক্ষৰ মাজত সৃষ্টি হয় উত্তেজনা পৰিস্থিতিৰ ৷ আনহাতে, গৱেষণাৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী সকলক 20 ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়ৰ মূল গেটৰ সম্মুখত আন্দোলন বাদ দি আন ঠাইত আন্দোলন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ই ৷

আৰু পঢ়কঃ দুই কন্যা সন্তানসহ দিখৌ নদীত জাঁপ এগৰাকী মাতৃৰ

Last Updated : Feb 20, 2020, 12:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.