ETV Bharat / state

শিলচৰত আৰক্ষীৰ জিম্মাত ব্যৱসায়ীৰ মৃত্যুৰ অভিযোগ

author img

By

Published : Jun 20, 2021, 10:02 AM IST

শিলচৰৰ ৰংপুৰ আৰক্ষী তালাচী চকীত এগৰাকী দোকানীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ৷ সান্ধ্য আইন অমান্যকৰাৰ অভিযোগত বাবুল বনিক নামৰ এজন দোকানীক আটক কৰিছিল আৰক্ষীয়ে ৷

shopkeeper-died-on-police-custody-at-silchar
শিলচৰত আৰক্ষীৰ জিম্মাত ব্যৱসায়ীৰ মৃত্যুৰ অভিযোগ

শিলচৰ, 20 জুন : আৰক্ষীৰ জিম্মাত সান্ধ্য আইন অমান্যকাৰীৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা শিলচৰৰ ৰংপুৰ আৰক্ষী তালাচী চকীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীৰ প্ৰহাৰত ব্যক্তি জনৰ মৃত্যুৰ অভিযোগত উত্তেজিত শ শ ৰাইজৰ নিশা ঘেৰাও কৰে আৰক্ষী চকী ৷ পিছত ঘটনাস্থলীত কাছাৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বালকাৰ সহ আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত হোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে ৷

ঘটনাৰ বিৱৰণী মতে,শুকুৰবাৰে নিশা ৰংপুৰ আৰক্ষী তালাচী চকীৰ এটা তালাচী দলে ৰংপুৰ কৰাতিগ্ৰামৰ পৰা সান্ধ্য আইন অমান্য কৰি দোকান খুলি ৰখাৰ অভিযোগত বাবুল বনিক নামৰ এজন দোকানীক আটক কৰিছিল ৷ আৰক্ষীয়ে আটক কৰি অনাৰ পাছতে থানাত হঠাৎ অসুস্থ হৈ পৰে বাবুল বনিক ৷ ইয়াৰ পিছত আৰক্ষীয়ে বাবুল বনিকক প্ৰথমে শিলচৰ চিভিল হাস্পতালত লৈ যায় যদিও চিকিৎসক সকলে ব্যক্তি জনক শিলচৰ মেডিকেল কলেজলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে ৷ ততাতৈয়াকে আৰক্ষীয়ে ধৃত বাবুল বনিকক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰে যদিও ডাক্তৰে ব্যক্তি জনক মৃত বুলি ঘোষণা কৰে ৷

ব্যক্তি গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়ালৰ লোক সহ প্ৰতিবেশী সকল উত্তেজিত হৈ পৰে আৰু নিশাই শ শ ৰাইজ উপস্থিত হৈ ৰংপুৰ আৰক্ষী তালাচী চকী ঘেৰাও কৰে ৷ বাবুল বনিকৰ পত্নী জবা বনিকে থানাৰ সম্মুখত কান্দি কান্দি অভিযোগ কৰি কয় যে, তেওঁৰ স্বামীক আৰক্ষীয়ে তেওঁৰ চকুৰ সম্মুখতে মাৰপিট কৰি গাড়ী তুলি লৈ গৈছিল ৷ তেওঁৰ স্বামীয়ে কোনো অপৰাধ কৰা নাই ৷ মাত্ৰ নিজৰ দোকানৰ দৰজা খুলি নিজৰ ঘৰৰ বাবে অলপ চেনি আনিব গৈছিলে ৷ সেই সময়তে আৰক্ষীয়ে তেঁওক আটক কৰি আক্ৰমণ চলাইছিল ৷" মৃত বাবুল বনিকৰ পত্নীৰ অভিযোগ,তেঁওৰ স্বামীৰ মৃত্যু আৰক্ষীৰ আক্ৰমণতে হৈছে ৷ গতিকে তেঁওক এই ঘটনাৰ উচিত ন্যায় লাগে ৷

ইপিনে এই ঘটনাৰ খবৰ পাই নিশাই ৰংপুৰ আৰক্ষী তালাচী চকীত উপস্থিত হয় কাছাৰ আৰক্ষী অধীক্ষ বৈভব চন্দ্ৰকান্ত নিম্বালকাৰ সহ আৰক্ষীৰ শীৰ্ষ বিষয়া সকল ৷ তেওঁলোকে উত্তেজিত ৰাইজৰ লগত কথাপাতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ঘটনাৰ উচিত তদন্ত হ'ব বুলি উত্তেজিত ৰাইজক আশ্বাস দিয়ে৷ আৰক্ষী অধীক্ষক নিম্বালকাৰে সংবাদ মাধ্যমৰ আগত কয় যে,বাবুল বনিকৰ লগত আৰু তিনি জনক আৰক্ষীয়ে সান্ধ্য আইন অমান্য কৰাৰ অভিযোগত আটক কৰিছিল ৷ আটক হোৱা বাকী তিনিজনে দিয়া ভাষ্য মতে, বাবুল বনিকক আৰক্ষীয়ে মাৰপিট কৰা নাই বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক জনে ৷

এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব আৰু এই ঘটনাত যদি কোনোলোকক দোষী পোৱা যায় তেন্তে ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃ পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.