কাছাৰ, 4 জুলাই : শনিবাৰে নিশা কাছাৰ জিলাৰ বাগপুৰত এক লোমহৰ্ষক ডকাইটি কাণ্ড সংঘটিত হৈছে ৷ শনিবাৰে নিশা প্ৰায় তিনিমান বজাত 3/4 জনীয়া এটা দলে কাছাৰ জিলাৰ বাগপুৰত মাহমদ হুছেইন লস্কৰ নামৰ ব্যৱসায়ী গৰাকীৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰে ৷ তাৰ পাচতে দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বৃদ্ধ মাহমদ হুছেইনক ৷ ডকাইতৰ দলটোৱে মাহমদ হুছেইনক আক্ৰমণ কৰি প্ৰায় 40 হাজাৰ টকা লুটি লৈ যায় ডকাইতে ৷
উল্লেখযোগ্য যে, ডকাইতৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মাহমদ হুছেইনক সংকট জনক অৱস্থাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি মাহমদ হুছেইন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বৃদ্ধ গৰাকী ৷ আনহাতে এই সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে তদন্তত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে আইনুল হক লস্কৰ আৰু এনামুল হক লস্কৰ নামৰ দুই প্ৰতিবেশীক ডকাইতিৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে, মাজুলীৰ দেওদিয়াআটী গাঁৱত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল । গড়মূৰ আৰক্ষী থানাৰ (Garhmur police station) উপ পৰিদৰ্শক (SI) উৎপল দাস আৰু সহকাৰী উপ-পৰিদৰ্শক (ASI) বিজু হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাক মাটি-বাৰী সম্পৰ্কীয় এটা গোচৰৰ ভিত্তিত আটক কৰিবলৈ গৈছিল । কিন্তু, দুৱাৰমুখতে কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাই আৰক্ষী দলটোক দাৰে অতৰ্কিতে আক্ৰমণ কৰে ।
জানিব পৰা মতে, ৪২/২০২০ নম্বৰত গড়মূৰ আৰক্ষী থানাত বাবুল হাজৰিকাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ ভিত্তিত শুকুৰবাৰে গড়মূৰ থানাৰ আৰক্ষীৰ এটা দল অভিযুক্ত হাজৰিকাক কৰায়ত্ব কৰিবলৈ গৈছিল । আৰক্ষী বাবুল হাজৰিকাৰ ঘৰত উপস্থিত হওঁতেই অভিযুক্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড । অভিযুক্ত বাবুল হাজৰিকাৰ এই আক্ৰমণত চাৰিজনকৈ আৰক্ষী বাহিনীৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
লগতে পঢ়কঃ ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ