ETV Bharat / state

কাছাৰত প্ৰাক্তন সেনা জোৱানৰ বাসগৃহত ডকাইতি কাণ্ড

কালাইন বুৰুঙ্গা প্ৰথম খণ্ডৰ বাসিন্দা অজিউদ্দিন নামৰ প্ৰাক্তন সেনা জোৱানৰ ঘৰত নিশা ১ টা বজাত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ২০-২৫ জনীয়া এটা ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি কেইবা ৰাউণ্ড গুলি ফুটাই আহত কৰে ১৬ জন লোকক ৷

author img

By

Published : Feb 10, 2021, 2:29 PM IST

Updated : Feb 10, 2021, 3:02 PM IST

কাছাৰত প্ৰাক্তন সেনা জোৱানৰ বাসগৃহত ডকাইতি কাণ্ড
কাছাৰত প্ৰাক্তন সেনা জোৱানৰ বাসগৃহত ডকাইতি কাণ্ড

শিলচৰ, 10 ফেব্ৰুৱাৰী: মঙলবাৰে নিশা কাছাৰৰ কালাইন অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ কালাইন বুৰুঙ্গা প্ৰথম খণ্ডৰ বাসিন্দা অজিউদ্দিন নামৰ প্ৰাক্তন সেনা জোৱানৰ ঘৰত নিশা ১ টা বজাত ২০-২৫ জনীয়া এটা ডকাইতৰ দল প্ৰৱেশ কৰি লুটি নিয়ে লক্ষাধিক টকা সহ সোণৰ আ-অলংকাৰ ৷ ডকাইতিৰ দলৰ আক্ৰমণত আহত হৈছে অজি উদ্দিনসহ গাঁৱৰ কেইবাজনো লোক ৷ নিশাৰ অন্ধকাৰত ডকাইতৰ দলে কেইবা ৰাউণ্ড গুলি ফুটাই আহত কৰে ১৬ জন লোকক ৷

আহতসকলৰ ভিতৰত অজি উদ্দিনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ সংকটজনক অৱস্থাত অজি উদ্দিনসহ আন এজন ব্যক্তিক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে আহত বাকী লোকসকলক কালাইন এফআৰইউলৈ প্ৰেৰণ কৰা হৈছে ৷

ইপিনে উত্তেজিত ৰাইজে ডকাইতিৰ লগত জড়িত সকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত বুধবাৰে পুৱাৰ পৰাই শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

Last Updated : Feb 10, 2021, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.