কাছাৰ, 20 জুনঃ কাছাৰ জিলা কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে শিলচৰৰ একাংশ বুদ্ধিজীৱী ৷ ইতিমধ্যে জিলা কংগ্ৰেছৰ বিৰুদ্ধে শিলচৰৰ সদৰ থানাত গোচৰ ৰুজু কৰে বুদ্ধিজীৱী সকলে ৷
যোৱা শুকুৰবাৰ 19 জুন তাৰিখে ৰাহুল গান্ধীৰ জন্ম দিন উপলক্ষে কাছাৰ জিলা কংগ্ৰেছৰ দলীয় সতীৰ্থ সকলে এখন সভাৰ আয়োজন কৰিছিল ৷ উক্ত সভাখনত জাতীয় পতাকা ওলোটা কৈ উত্তোলন কৰিছিল উপস্থিত হোৱা সদস্য সকলে ৷ ইতিমধ্যে উক্ত ঘটনাটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাত একাংশ বুদ্ধিজীৱীৰ লগতে সচেতন মহল সৰৱ হৈ পৰে জিলা কংগ্ৰছ দলটোৰ সদস্য সকলৰ বিৰুদ্ধে ৷ আনহাতে উক্ত ঘটনাটোৰ বিৰুদ্ধে শিলচৰৰ সদৰ থানাত এটি গোচৰ ৰুজু কৰে ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক উপযুক্ত শাস্তিৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক- বিটিচিত ৰাজ্যপালৰ শাসনক লৈ পুনৰ সৰৱ সাংসদ বিশ্বজিৎ দৈমাৰী