ETV Bharat / state

অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে - ৰাজ্যত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছেঃ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

লক ডাউনৰ সুবিধা লৈ সাধাৰণ ৰাইজক নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত খাদ্য-সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷

Parimal Suklabaidya Exclusive
ৰাজ্যত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছেঃমন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By

Published : Apr 20, 2020, 5:56 PM IST

Updated : Apr 20, 2020, 6:19 PM IST

শিলচৰ,20এপ্ৰিলঃ লক ডাউনৰ সুবিধা লৈ যিসকলে বেআইনী কাম কৰি আছে সেই লোকসকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ কাছাৰ জিলাৰ শিলচৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ ৰাজ্যত কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,ৰাজ্যত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ৷ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত COVID-19 সংক্ৰমণ ৰোধৰ বাবে লক ডাউনকে ধৰি চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ফলপ্ৰসূ হৈছে ৷ আনহাতে,লক ডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্যত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছেঃমন্ত্ৰী পৰিমল শুক্লবৈদ্য

লগতে পঢ়কঃ মৰাণত লুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ

Last Updated : Apr 20, 2020, 6:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.