কাছাৰ, 18জুনঃ লক-ডাইনৰ নীতি-নিৰ্দেশনা উলংঘা কৰি কাছাৰত জিলাৰ কৰ্ম বিনোয়ক কেন্দ্ৰত চলিছে পঞ্জীয়ন প্ৰক্ৰিয়া। ইতিমধ্যে হাজাৰ-হাজাৰ লোকে কোনো সামাজিক দুৰত্ব বৰ্তাই নাৰাখি উপস্থিত হৈছে বহু লোক ৷
কাছাৰ জিলাৰ শিলচৰৰ কৰ্ম বিনিয়োগ কেন্দ্ৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ লক ডাউনৰ নীতি নিয়ম উলংঘা কৰি কাছাৰ জিলাৰ কৰ্ম বিনোয়ক কেন্দ্ৰত চলিছে পঞ্জীয়ন প্ৰক্ৰিয়া। উক্ত কেন্দ্ৰটোত জিলাখনৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ লগতে বহু লোক ইতিমধ্যে উপস্থিত হৈছে কেন্দ্ৰটোত ৷ উপস্থিত হোৱা যুৱক-যুৱতীৰ সকলৰ নাই কোনো সামাজিক দুৰত্ব অথবা মনা নাই লক ডাউনৰ কোনো নিয়ম-নীতি ৷ উক্ত কেন্দ্ৰটোত ইতিমধ্যে আৰক্ষী মোতায়েন কৰিছে যদিও পৰস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা আৰক্ষীয়ে ৷ আনহাতে উক্ত বিভাগটোৰ প্ৰকল্প সঞ্চালক গৰাকীয়েও এই ঘটনাটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত ৰাখা বুলি অভিযোগ উঠিছে । উক্ত ঘটনাটোৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোৰ সচেতন মহলত ৷ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে ৷
লগতে পঢ়ক- কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল