ETV Bharat / state

বৰাকৰ শতাধিক যৌনকৰ্মীৰ নাম নাহিল এন আৰ চিত - বৰাকৰ শতাধিক যৌনকৰ্মীৰ নাম নাহিল এন আৰ চিত

নিষিদ্ধপল্লীত হাহাকাৰ,ঠিকনাবিহীন শ শ লোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন ৷ সমাজ আৰু পৰিয়ালে ত্যাগ কৰাৰ ফলত ঠিকনাবিহীন হৈ পৰা শ শ যৌন কৰ্মীৰ নাই কোনো লিগেচী ডাটাও ৷ যাৰ বাবে তেওঁলোকে সময়ত প্ৰমাণ কৰিব নোৱাৰিলে নিজৰ নাগৰিকত্ব ৷ বহুতৰে নাম নাই ভোটাৰ তালিকাতো ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাই শিলচৰৰ বহু যৌনকৰ্মীৰ
author img

By

Published : Sep 17, 2019, 3:26 PM IST

শিলচৰ,17 চেপ্তেম্বৰঃৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওঁলোকৰ নাম নাই ৷ কাৰণ তেওঁলোকে কোনো বৈধ নথিপত্ৰ জমা দিব নোৱাৰিলে এন আৰ চি কৰ্তৃপক্ষক ৷ সকলো থকাৰ পিচতো তেওঁলোক আজি অসহায়, কাৰণ পৰিয়াল থাকিও তেওঁলোকৰ নাই নিজা পৰিচয়, সদায় আঁৰ কাপোৰৰ তলত জীৱন কটোৱা এই সকল লোকক পৰিয়াল পৰিজন তথা সমাজে বাদ দিছে ৷ এসময়ত সকলো থাকিও এতিয়া তেওঁলোক নিসংগ ৷ তেওঁলোকৰ কাষত নাই আত্মীয় ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিফল হ'ল শিলচৰৰ নিষিদ্ধপল্লীৰ শতাধিক লোক ৷

More than 100 People's Name Excluded from NRC Final Draft in Silchar Redlight Area
শিলচৰৰ নিষিদ্ধপল্লীত একাংশ যৌনকৰ্মী

বৰাক উপত্যকাৰ শিলচৰৰ চহৰৰ মাজ মজিয়াত থকা নিষিদ্ধপল্লীত যৌনকৰ্মীৰ কাম কৰা বহুলোকৰ নাম নাই এন আৰ চিত ৷ কিয়নো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে প্ৰয়োজন হোৱা নথি পত্ৰ একোৱেই নাই তেওঁলোকৰ হাতত ৷ সমাজ আৰু পৰিয়ালে ত্যাগ কৰাৰ ফলত ঠিকনাবিহীন হৈ পৰা শ শ যৌন কৰ্মীৰ নাই কোনো লিগেচী ডাটাও ৷ যাৰ বাবে তেওঁলোকে সময়ত প্ৰমাণ কৰিব নোৱাৰিলে নিজৰ নাগৰিকত্ব ৷ কোনোবাৰ হয়তো পিতৃ-মাতৃ আছে, কোনোবাৰ স্বামী, ভাতৃ, ভগ্নী আছে যদিও তেওঁলোকক চিৰদিনৰ বাবে ত্যাগ কৰাৰ ফলত পৰিয়ালৰ সৈতে ছিন্ন হৈছে সম্পৰ্ক ৷ ঠিকনাবিহীন হৈ পৰা এইসকল লোকৰ নাম নাই ভোটাৰ তালিকাতো ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাই শিলচৰৰ বহু যৌনকৰ্মীৰ

সমাজৰ পৰা অৱহেলিত এইসকল লোকক পৰিয়ালৰ লোকে সহায় নকৰাৰ ফলত ভাৰতৰ নাগৰিক হৈও তেওঁলোকৰ অধিকাংশ লোকৰে নাম নাই এন আৰ চিত ৷ কিন্তু একাংশ যৌন কৰ্মীয়ে আন নথি পত্ৰৰ ভিত্তিত এন আৰ চিত আবেদন জনাইছিল যদিও পৰ্যাপ্ত নথিৰ অভাৱত চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ'ল তেওঁলোকৰ নাম ৷

সম্প্ৰতি বিপদত পৰিছে নিষিদ্ধপল্লীত বাস কৰা শিলচৰৰ এই সকল যৌনকৰ্মী ৷ কাৰণ বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিবলৈ তেওঁলোকৰ হাতত নাই কোনো বৈধ নথি পত্ৰ ৷ তেওঁলোকক সহায় কৰাৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰক ৷ কিন্তু চৰকাৰ তথা ন্যায়ালয়ে কি পদক্ষেপ গ্ৰহণ কৰিব এইসকল যৌনকৰ্মীৰ বাবে ৷ নথি পত্ৰ নথকা এইসকল লোকৰ নাগৰিকত্ব কৰ্তন হ'ব নেকি ? এইক্ষেত্ৰত শিলচৰৰ একাংশ স্বেচ্ছাসেৱী সংগঠনে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে যদিও এতিয়াও নিশ্চিত নহয় তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হ'ব নে নাই ৷ সেয়া সময়তহে গম পোৱা যাব ৷

শিলচৰৰ নিষিদ্ধপল্লীত থকা যৌনকৰ্মীৰ নাম নাই এন আৰ চিত

Intro:নাগৰিক পঞ্জীত নাম নাই নিষিদ্ধপল্লীৰ যৌনকৰ্মী সকলৰ

শিলচৰৰ মাঝমঝিয়াত থকা নিষিদ্ধপল্লীৰ কেইবা শত ছোৱালীৰ নাম নাগৰিক পঞ্জীত অহা নাই। তেওঁ লোকে আবেদনই দাখিল কৰিব পৰা নাই। ভাগ্য বিড়ম্বনাৰ শিকাৰ হৈ তেওঁ লোকে যৌন কৰ্মীৰ পেশাত সোমাই আছে বুলি তেওঁ লোকৰ পৰিয়ালে তেওঁ লোকক সামাজিক ভাৱে মানি নলয়, পৰিয়ালৰ সদস্য হিচাপে মৰ্য্যদা নিদিয়ে আৰু সেই কাৰণে তেখেতক লিগেচি বা আন বৈধ পৰিচয়ৰ নথিপত্ৰ দি সাহায্য নকৰাৰ বাবে তেওঁ আবেদন দাখিল কৰিব পৰা নাই বুলি অধিবক্তা তুহিনা শৰ্মা জানিব দিছে । ----বাইট

এই যৌন কৰ্মী সকল এই দেশ বা ৰাজ্যখনৰ নাগৰিক হ'লেও তেওঁ লোকৰ অধিকাংশৰ ভোটাৰ তালিকাত নাম নাই, তেনে বৈধ পৰিচয় পত্ৰও নাই। এইবোৰ তথ্য সদৰি কৰি অধিবক্তা তুহিনা শৰ্মা জানিব দিয়ে যে তেওঁ লোকৰ মাজত কেইবাজনে পিছত আন নথিপত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছিল কিন্তু পিছলৈ সকলোৰ নাম বাতিল হল। তেওঁ লোক এতিয়া বিদেশী ন্যায়াধিকৰণত যাব নোৱাৰে, আবেদনও দাখিল কৰিব নোৱাৰে বুলি জনাই ৰাজ্যত এনে সংকটত থকা যৌন কৰ্মী সকলৰ লগত আৰু যিসকল লোক আছে তেওঁ লোকৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ দাবী তেওঁ উত্থাপন কৰিছে । ---বাইটBody:নাগৰিক পঞ্জীত নাম নাই নিষিদ্ধপল্লীৰ যৌনকৰ্মী সকলৰ

শিলচৰৰ মাঝমঝিয়াত থকা নিষিদ্ধপল্লীৰ কেইবা শত ছোৱালীৰ নাম নাগৰিক পঞ্জীত অহা নাই। তেওঁ লোকে আবেদনই দাখিল কৰিব পৰা নাই। ভাগ্য বিড়ম্বনাৰ শিকাৰ হৈ তেওঁ লোকে যৌন কৰ্মীৰ পেশাত সোমাই আছে বুলি তেওঁ লোকৰ পৰিয়ালে তেওঁ লোকক সামাজিক ভাৱে মানি নলয়, পৰিয়ালৰ সদস্য হিচাপে মৰ্য্যদা নিদিয়ে আৰু সেই কাৰণে তেখেতক লিগেচি বা আন বৈধ পৰিচয়ৰ নথিপত্ৰ দি সাহায্য নকৰাৰ বাবে তেওঁ আবেদন দাখিল কৰিব পৰা নাই বুলি অধিবক্তা তুহিনা শৰ্মা জানিব দিছে । ----বাইট

এই যৌন কৰ্মী সকল এই দেশ বা ৰাজ্যখনৰ নাগৰিক হ'লেও তেওঁ লোকৰ অধিকাংশৰ ভোটাৰ তালিকাত নাম নাই, তেনে বৈধ পৰিচয় পত্ৰও নাই। এইবোৰ তথ্য সদৰি কৰি অধিবক্তা তুহিনা শৰ্মা জানিব দিয়ে যে তেওঁ লোকৰ মাজত কেইবাজনে পিছত আন নথিপত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছিল কিন্তু পিছলৈ সকলোৰ নাম বাতিল হল। তেওঁ লোক এতিয়া বিদেশী ন্যায়াধিকৰণত যাব নোৱাৰে, আবেদনও দাখিল কৰিব নোৱাৰে বুলি জনাই ৰাজ্যত এনে সংকটত থকা যৌন কৰ্মী সকলৰ লগত আৰু যিসকল লোক আছে তেওঁ লোকৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ দাবী তেওঁ উত্থাপন কৰিছে । ---বাইটConclusion: তেওঁ লোক এতিয়া বিদেশী ন্যায়াধিকৰণত যাব নোৱাৰে, আবেদনও দাখিল কৰিব নোৱাৰে বুলি জনাই ৰাজ্যত এনে সংকটত থকা যৌন কৰ্মী সকলৰ লগত আৰু যিসকল লোক আছে তেওঁ লোকৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ দাবী তেওঁ উত্থাপন কৰিছে । ---বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.