শিলচৰ,22 নৱেম্বৰ : ম্যানমাৰৰ ম’ৰে সীমান্তৰে ভাৰতলৈ অবাধে ড্রাগছ, সোণ আৰু মাৰণাস্ত্রৰ চোৰাং ব্যৱসায় অব্যাহত থকা বুলি স্বীকাৰ কৰিলে মনিপুৰৰ বিজেপি সাংসদ ড৹ আৰ কে ৰঞ্জন সিংহই । সহজে ধন ঘটি নিশাৰ ভিতৰত কোটিপটি হোৱাৰ আশাতে এই চোৰাং ব্য়ৱসায় চলাই আছে । শনিবাৰে শিলচৰত অনুষ্ঠিত হোৱা সদৌ অসম মনিপুৰী ছাত্র সন্থাৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা সদৰী কৰে বিজেপি সাংসদ গৰাকীয়ে ৷
অসমত এজনো মনিপুৰী বিধায়ক নথকাত উদ্বেগ প্রকাশ কৰি তেওঁ কয় যে, অসমত বসবাস কৰা মনিপুৰী লোকসকল ৰাজনীতিৰ প্রতি একেবাৰ উদাসীন । জাতিৰ উন্নয়নৰ স্বাৰ্থত ৰাজনীতিত জড়িত হ’বলৈ তেওঁ মনিপুৰীসকলক আহ্বান জনায় ।
এই সন্দৰ্ভত 2021 চনৰ নিৰ্বাচনত কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিত বিজেপিৰ পৰা এজন মনিপুৰী প্রাৰ্থী প্রক্ষেপ কৰিবলৈ তেওঁ বিজেপিক আহ্বান জনায় । ইফালে 15 শ শতিকাৰ পৰা বৰাক উপত্যকাত থকা মনিপুৰী ৰজাৰ স্মৃতিচিহ্নসমূহক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈও তেওঁ চৰকাৰক আবেদন জনায় ।
উল্লেখ্য যে, আমছুৱে আয়োজন কৰা এই আলোচনা সভাত অসমত বসবাস কৰা মনিপুৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । সমস্যাসমূহ সমাধানৰ ক্ষেত্রত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰও সাংসদজনক প্রদান কৰে আমছুয়ে ৷
লগতে পঢ়ক : ডিমা হাছাওত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত উগ্ৰপন্থী নিহত