ETV Bharat / state

কাছাৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 গৰাকীয়ে - কাছাৰতো 7 জন লোকৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা ৷ প্ৰায় 20 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ কাছাৰতো 7 জন লোকৰ মৃত্যু ৷

ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা
কাছাৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 গৰাকীয়ে
author img

By

Published : Jun 2, 2020, 2:21 PM IST

শিলচৰ, 2 জুন : ৰাজ্যৰ বিভিন্ন স্থানত আজিৰ দিনটোতে সংঘটিত হ'ল কেইবাটাও ভয়াবহ ভূমিস্খলনৰ ঘটনা ৷ বৰ্তমান পৰ্যন্ত প্ৰায় 20 জন লোকে প্ৰাণ হেৰুওৱাৰ সন্দেহ কৰা হৈছে ৷ কৰিমগঞ্জত একেটা পৰিয়ালৰে 5 জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ পাচতে কাছাৰতো প্ৰাণ হেৰুৱাইছে 7 জন লোকে ৷ আনহাতে, শেহতীয়াকৈ হাইলাকান্দিতো ভূমিস্খলনত 7 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে প্ৰায় 5 জন লোক ৷

ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা
কাছাৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 গৰাকীয়ে

পুৱতি নিশা কাছাৰৰ জয়পুৰৰ কলাৰপাৰত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ ধাৰাষাৰ বৰষুণৰ ফলত কেইবাটাও বাসগৃহৰ ওপৰত মাটি খহি পৰাৰ ফলত দুগৰাকী মহিলাসহ 7 জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে, মাটিৰ তলত আৰু মৃতদেহ থকাৰ সন্দেহ কৰা হৈছে ৷

উদ্ধাৰ হোৱা মৃত ব্যক্তিকেইজন তাজিম উদ্দিন লস্কৰ (45), আলিয় বেগম (20), আলম উদ্দিন (18), আৰিফ উদ্দিন (17), আমোনা বেগম (14), ছুমনা বেগম(12) আৰু ৰেহিম উদ্দিন(8) বুলি চিনাক্ত কৰা হৈছে ৷ মৃত লোককেইজন একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.