শিলচৰ, 10 জুলাই : কাটিগড়া আৰক্ষী (Katigarha police)ৰ এক বৃহৎ সফলতা ৷ শুকুৰবাৰে আবেলি কাটিগড়া আৰক্ষী (Katigarha police)ৰ জালত পৰে চোৰাং ভাৱে সৰবৰাহ কৰা দুখন ম’হ ভৰ্তি ট্ৰাক ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ট্ৰাকদুখন ৷
জানিব পৰা মতে, কাটিগড়া আৰক্ষীয়ে (Katigarha police) জব্দ কৰা দুখন বাৰচকীয়া ট্ৰাকদুখনৰ পৰা সৰ্বমুঠ 25 টা সৰবৰাহৰ বাবে নিয়া ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নন্বৰ হৈছে NL 01 AE 4492 আৰু AS 01 DD 1092 ৷ ম’হৰ এই চোৰাং সৰবৰাহৰ সৈতে জড়িত দুজনকৈ লোকক আটক কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে আটক কৰা লোক কেইদুজন হৈছে চালেহ আহেমদ (চালক) আৰু চাদিক আহমেদ (হেণ্ডিমেন) ৷
জানিব পৰা মতে, কাটিগড়া তাৰিণীপুৰৰ পৰা এই দুখন ট্ৰাকে ম’হ কেইটা মেঘালয়ৰ ডনা লৈ সৰবৰাহৰ উদ্দেশ্যে লৈ গৈছিল ৷ কিন্তু আৰক্ষীয়ে এই সৰবৰাহৰ তথ্য লাভ কৰাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপুৰত এক তালাচী অভিযান চলাই দুয়োখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে এখন ট্ৰাকৰ পৰা 12 টা আৰু আনখন ট্ৰাকৰ পৰা 13 টা ম’হ জব্দ কৰে আৰক্ষীয়ে ৷
এই অভিযানত আৰক্ষীয়ে জব্দ হোৱা এখন ট্ৰাকৰ চালক আৰু সহ চালকক আটক কৰে যদিও আনখন ট্ৰাকৰ চালক পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন দুয়োজন ব্যক্তিয়ে ইতিমধ্যে আৰক্ষীৰ জেৰাত মেঘালয়ৰ ডনা লৈ ম’হ কেইটা লৈ যোৱা হৈছিল বুলি স্বীকাৰ কৰিছিল ৷ আনহাতে, মেঘালয়ৰ ডনাৰ পৰাই জব্দ হোৱা ম’হ কেইটা বাংলাদেশলৈ সৰবৰাহ কৰাৰ কথা আছিল বুলি আটকাধীন দুই ব্যক্তিয়ে আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰিছে ৷
লগতে পঢ়ক: ছয়গাওঁ আৰক্ষীয়ে জব্দ কৰিলে অবৈধ বিলাতী সুৰা