ETV Bharat / state

বৰাকৰ খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ আধাৰশিলা স্থাপন বনমন্ত্ৰীৰ - শিলচৰ

বৰাক নদীৰ খহনীয়াৰ প্রতিৰোধৰ বাবে বৃহস্পতিবাৰে কাছাৰ আৰু হাইলাকান্দি জিলাৰ সীমান্তৱর্তী উত্তৰ কালীনগৰত মথাউৰি নিৰ্মাণৰ বাবে ভিত্তিপ্রস্ত স্থাপন বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ ৷ চৰকাৰৰ SODP প্ৰকল্পৰ অধীনত হ’বলগীয়া এই নিৰ্মাণৰ বাবদ ব্যয় হৈছে মুঠ 9 কোটি 75 লাখ টকা ৷

Parimal suklabaidya in barak
বৰাকত বনমন্ত্রী পৰিমল শুক্লবৈদ্য
author img

By

Published : Dec 4, 2020, 10:56 AM IST

শিলচৰ,4 ডিচেম্বৰ : কাছাৰ আৰু হাইলাকান্দি জিলাৰ সীমান্তৱর্তী আলগাপুৰ নির্বাচনী চক্রৰ উত্তৰ কালীনগৰত বৰাক নদীৰ খহনীয়াৰ প্রতিৰোধৰ ভিত্তিপ্রস্ত স্থাপন কৰে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই । বৃহস্পতিবাৰে বিশেষ পূজা অনুষ্ঠানৰ যোগেদি আধাৰশিলা স্থাপনৰ শুভাৰম্ভণি কৰে বনমন্ত্ৰীসহ আলগাপুৰৰ বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰী আৰু কাটিগড়াৰ বিধায়ক অমৰ চাঁদ জৈনে ৷

Parimal suklabaidya in barak
বৰাকত বনমন্ত্রী পৰিমল শুক্লবৈদ্য

চৰকাৰৰ SODP প্ৰকল্পৰ অধীনত হ’বলগীয়া এই মথাউৰি নিৰ্মাণৰ কামৰ বাবে ব্য়য় কৰা হৈছে মুঠ 9 কোটি 75 লাখ টকা ৷ অনুষ্ঠানত বক্তব্য ৰাখে বিজেপি আলগাপুৰ ব্লক মণ্ডলৰ সভাপতি বিধান চন্দ, হাইলাকান্দি জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত এ আৰ মজুমদাৰ, কালীনগৰ পাঁচগ্রামৰ জিলা পৰিষদৰ সদস্য প্রতিনিধি পৃথ্বীশ দাস, সভানেত্রীৰ প্রতিনিধি শামিম আহমেদ চৌধুৰী, জল সম্পদ বিভাগৰ অতিৰিক্ত মুখ্য় অভিযন্তা পি কে তুমুঙকে ধৰি বহু বিশিষ্ট ব্য়ক্তিয়ে ৷

Parimal suklabaidya in barak
বৰাকত বনমন্ত্রী পৰিমল শুক্লবৈদ্য

লগতে পঢ়ক : চাৰি বছৰেও সম্পূৰ্ণ নহ’ল এটা স্বাস্থ্য় কেন্দ্ৰৰ আবাসগৃহ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.