কাছাৰ, 22 মে' : কাছাৰ জিলাৰ কচুদৰম থানাৰ ভাউৰিকান্দি প্রথম খণ্ডত বৃহস্পতিবাৰে নিশা প্রতিবেশীয়ে লগোৱা অগ্নিৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুৰ সৈতে যুঁজ দিছে এক নৱ বিবাহিত দম্পতিয়ে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।
স্থানীয় ৰাইজে উক্ত ঘটনাৰ তীব্র প্রতিবাদ জনাইছে । স্থানীয় লোকৰ প্ৰতিবাদৰ ফলত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি তিনিজনক আটক কৰিছে বুলি জনিব পৰা গৈছে ।
ঘটনা অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় 9.30 বজাত জিয়াউদ্দিন লস্কৰৰ পৰিয়ালৰ ওপৰত প্রতিবেশী আৰু এটা পৰিয়ালে আক্রমণ কৰে । জিয়াউদ্দিনৰ পুত্ৰ আব্দুল আহাদ লস্কৰ হবু আৰু পত্নী শাহনাজ আখটাৰ লস্কৰক হত্যা কৰা উদ্দেশ্যে বাসগৃহতত পে’ট্রল ঢালি জুই লগাই দিয়াৰ চেষ্টা কৰে ।
এই ঘটনাৰ ফলত শুই থকা আব্দুল আহাদ লস্কৰ হবু আৰু পত্নী শাহনাজ আখটাৰ লস্কৰক অগ্নিদগ্ধ হয় । অগ্নিকাণ্ডৰ ফলত গুৰুতৰভাৱে আহত হয় স্বামী আব্দুল আহাদ । ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু দুয়োকে শিলচৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰে ৷
লগতে পঢ়ক- শনিবাৰে পঞ্চদশ বিধানসভা অধিবেশনত প্ৰথম ভাষণ দিব ৰাজ্যপালে