ETV Bharat / state

Guard of honour ৰে বিদায় শ্যামসুন্দৰ দুষাদক

author img

By

Published : Jul 29, 2021, 6:36 PM IST

কাছাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সম্মুখত নিহত অসম আৰক্ষী ষষ্ঠ বেটালিয়নৰ জোৱান শ্যামসুন্দৰ দুষাদৰ মৃতদেহত পুষ্প অর্পণ কৰি বিদায় জনোৱা হৈছে । মিজোৰামৰ বিৰুদ্ধে এতিয়া অসমৰ সকলো প্ৰান্ততে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে ।

Guard of honour ৰে বিদায় শ্যামসুন্দৰ দুষাদক
Guard of honour ৰে বিদায় শ্যামসুন্দৰ দুষাদক

শিলচৰ, 29 জুলাই : মিজোৰাম আৰক্ষীৰ গুলীত নিহত অসম আৰক্ষীৰ জোৱান শ্যামসুন্দৰ দুষাদক গার্ড অৱ অনাৰ জনাই বিদায় জনালে কাছাৰ জিলা প্ৰশাসনে । কাছাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সম্মুখত নিহত অসম পুলিচৰ ষষ্ঠ বেটালিয়নৰ জোৱান শ্যামসুন্দৰ দুষাদৰ মৃতদেহত পুষ্প অর্পণ কৰি বিদায় জনোৱা হৈছে । কাছাৰ জিলাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে কংগ্ৰছৰ নেতাসকলে নিহত জোৱানগৰাকীৰ মৃতদেহত পুষ্প অর্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । ইয়াৰ পিছত জোৱানগৰাকীৰ মৃতদেহ নিজ গৃহলৈ লৈ যোৱা হয় ৷

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য । অসমৰ বিভিন্ন ঠাইত দল-সংগঠনে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত অসম আৰক্ষীৰ 6 গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকৰ মৃত্যুক যেন কোনেও সহজভাৱে ল'ব পৰা নাই । সমগ্ৰ ঘটনাক ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তিৰ দাবী জনাইছে বিভিন্নজনে ।

ইপিনে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ (Mizoram Chief Minister Zoramthanga) প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে ।

কেৱল এয়াই নহয় শিলচৰত থকা মিজোৰাম ভৱনৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে । বিভিন্ন ধৰণৰ প্লে'কাৰ্ড প্ৰদৰ্শনেৰে শিলচৰ চহৰ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলৰ হুংকাৰ মিজোৰাম ভৱনত কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

মিজোৰামৰ কোনো লোকে উক্ত ভৱনত থাকিব নোৱাৰিব বুলিও দাবী কৰে প্ৰতিবাদকাৰীসকলে । ইফালে মিজোৰাম ভৱনলৈ (Mizoram house) অহা সকলো বাট-পথ অৱৰোধ কৰি দিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । মুঠতে মিজোৰামৰ বিৰুদ্ধে এতিয়া অসমৰ সকলো প্ৰান্ততে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে ।

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.