ETV Bharat / state

শিলচৰত 20 লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ - Cachar police

বৃহস্পতিবাৰে নিশা শিলচৰত আৰক্ষীয়ে অভিযান চলাই প্ৰায় 20 লক্ষাধিক টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷ দুজন যুৱকে স্কুটীৰে কঢ়িয়াই আনিছিল টেবলেটখিনি ৷

as_cachar-durgs-seized-worth-rupees-20-laks-at-silchar-vis-ASC10043
শিলচৰত নিচাজাতীয় টেবলেট জব্দ
author img

By

Published : Jul 2, 2021, 11:41 AM IST

শিলচৰ, 2 জুলাই : ৰাজ্যৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰতিটো বিভাগতে সংঘটিত হৈ থকা দুৰ্নীতি ৰোধৰ বাবে তৎপৰ হৈ পৰিছে বিভাগীয় মন্ত্ৰীসকল ৷ ইয়াৰ লগতে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ ৰাজ্যৰ পৰা ড্ৰাগছৰ লগতে, নিচাজাতীয় সামগ্ৰীৰ ঘাটি সম্পূৰ্ণৰূপে উৎখাত কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে 20 লাখ টকা মূল্যৰ ইয়াভা টেবলেট সহ আৰক্ষীয়ে আটক কৰে দুই যুৱকক ৷ দুখন স্কুটীত যুৱকদ্বয়ে এই টেবলেটখিনি বিক্ৰীৰ বাবে লৈ যোৱা অবস্থাতে আৰক্ষীয়ে দুয়োকে আটক কৰে ৷

শিলচৰত নিচাজাতীয় টেবলেট জব্দ

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ বিশেষ শাখাই (special task force of Assam police) ) শিলচৰ চহৰৰ আশ্ৰম ৰোডত তালাচী চলাই দুয়ো যুৱকক আটক কৰে ৷ ধৃত যুৱকদ্বয় শিলচৰ শিব কলনিৰ বাপ্পন ৰায় আৰু শিলচৰ তপোবন নগৰৰ নৃপেশ দাস ৷ আনহাতে জব্দ হোৱা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

যুৱক দুজনে আৰক্ষী জানিবলৈ দিয়া অনুসৰি শিলচৰ ৰাঙিৰখাৰিৰ অজয় দেবনাথ নামৰ যুৱকজনৰ পৰা আনিছিল ৷ আৰক্ষীয়ে এই ভাষ্যৰ ভিত্তিত অজয় দেবনাথৰ বাসগৃহত অভিযান চলায় যদিও আৰক্ষীৰ উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে ৷

উল্লেখ্য যে, বিগত 24 জুনত এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষী (Cachar police)ৰ এটা দলে শিলচৰৰ নিউ চিটি লজত চলাই নিউ চিটি লজৰ এটা কোঠাৰ পৰা দুহাজাৰটা নিচাজাতীয় টেবলেট জব্দ কৰে ৷ নিচাজাতীয় টেবলেটৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী প্ৰাক্তন সেনা জোৱানক আটক কৰে ৷ আটকাধীন প্ৰাক্তন সেনা জোৱানজনৰ নাম হৈছে লালৰ’বুলা (Lalrobula, Ex Army) ৷ আনহাতে, প্ৰাক্তন সেনা জোৱানজনৰ লগতে দুগৰাকীকৈ মহিলাকো আটক কৰে অভিযানকাৰী দলটোৱে ৷ আটকাধীন আটাইকেইগৰাকীৰ ঘৰ মিজোৰামৰ আইজলত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.