ETV Bharat / state

এইবাৰ বৰাকত বিজেপিৰ পতন নিশ্চিত: দিলীপ পাল

author img

By

Published : Mar 20, 2021, 2:53 PM IST

সংবাদমেলত বিজেপিৰ পৰা বহিষ্কৃত বিধায়ক দিলীপ পালৰ ঘোষণা- নির্বাচনত বৰাকৰ পৰা বিজেপিক বহিষ্কাৰ কৰিব ৰাইজে । কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ দৰমহা অতি শীঘ্ৰে মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই নেতাগৰাকীয়ে ।

এইবাৰ বৰাকত বিজেপিৰ পতন নিশ্চিত:দিলীপ পালনিৰ্বাচনত বৰাকত বিজেপিৰ পতন নিশ্চিত:দিলীপ পাল

শিলচৰ,২০ মাৰ্চ: বিজেপিৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে ক্ষোভ উজাৰিছে বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা শিলচৰৰ বিধায়ক দিলীপ পালে ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি পালৰ দাবী- এইবাৰ বৰাকৰ পৰা বিজেপিক বহিষ্কাৰ কৰিব ৰাইজে । তেওঁক যিহেতু বিজেপিয়ে বহিষ্কাৰ কৰিছে সেয়ে সাধাৰণ ৰাইজেও এইবাৰ শিক্ষা দিব বিজেপিক ।

এইবাৰ বৰাকত বিজেপিৰ পতন নিশ্চিত:দিলীপ পাল

তেওঁ লগতে কয় যে যোৱা ১০ মাৰ্চত পদত্যাগ পত্ৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু আচৰিত কথাটো হ'ল যে তাৰ কেইবাদিনৰ পিছতহে বিজেপিয়ে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা কথা জানিব পাৰিছে ।

পূৰ্বতকৈ বৰাকত বিজেপিৰ আসন কমিব বুলিও দাবী কৰে নেতাগৰাকীয়ে । কেৱল এয়াই নহয় বৰাকত একাংশ ছিণ্ডিকেটৰ লগত জড়িত লোকক টিকট প্ৰদান কৰাৰো অভিযোগ তোলে দিলীপ পালে । সমান্তৰালকৈ তেওঁ কয় যে ৰাইজৰ দাবীত তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁৰ জয় নিশ্চিত বুলিও উল্লেখ কৰে ।

সংবাদমেলৰ জৰিয়তে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ দৰমহা অতি শীঘ্ৰে মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই নেতাগৰাকীয়ে । তেওঁ কোৱা মতে কৰ্মচাৰীসকলৰ বৰ্তমানৰ অৱস্থা অতি সংকটজনক ।

লগতে পঢ়ক: বাক্সাৰ শালবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.