শিলচৰ, 19মাৰ্চ: বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গ’ বেক ধ্বনিৰে প্ৰতিবাদমুখৰ হৈ পৰিল পাঁচগ্ৰাম কাগজ কলৰ চৌহদ ৷ বৃহস্পতিবাৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী কৰিমগঞ্জ আগমনক লৈ প্ৰতিবাদত বহিল পাঁচগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকল ৷
দীপক চন্দ্ৰ নাথ, আজিজুৰ ৰহমান মজুমদাৰ, দিলীপ শুক্লবৈদ্যৰ নেতৃত্বত পাঁচগ্ৰাম কাগজ কল, নগাঁও কাগজ কল পুনৰ মুকলিৰ কৰাৰ দাবীত পাঁচগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ তুলিছে পাঁচগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকলে ৷
লগতে পঢ়ক: মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ