ETV Bharat / state

কাছাৰত আদালতৰ চৌহদৰ দেৱাল পাৰ হৈ পলাল অভিযুক্ত - আৰক্ষী

কাছাৰত আদালতৰ চৌহদৰ পৰাই জঁপিয়াই দেৱাল পাৰ হৈ পলায়ন কৰিলে অভিযুক্ত যুৱকে, খোদ আৰক্ষীৰ জোৱানৰ হাতৰ পৰাই পলায়ন কৰা যুৱকজনক পিছে পিছে খেদিও ধৰাত ব্য়ৰ্থ হ’ল আৰক্ষী ৷

criminal-escaped-from-court-in-cachar
কাছাৰত আদালতৰ চৌহদৰ দেৱাল পাৰ হৈ পলাল অভিযুক্ত
author img

By

Published : Apr 10, 2021, 10:45 PM IST

কাছাৰ, 10 এপ্ৰিল : খোদ আৰক্ষীৰ জোৱানৰ হাতৰ পৰাই পলায়ন অভিযুক্তৰ । পিছে পিছে প্ৰায় তিনি কিলোমিটাৰ খেদিও অভিযুক্তক ধৰাত ব্য়ৰ্থ হ’ল আৰক্ষী ৷ কাছাৰত সংঘটিত হৈছে এই ঘটনা, আদালতৰ চৌহদৰ পৰাই জঁপিয়াই দেৱাল পাৰ হৈ পলায়ন কৰিছিল এনাম উদ্দিন লস্কৰ নামৰ লোকজনে ৷

উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা উধাৰবন্ধ নেট্ৰপিৰ সম্মুখত ই.ভি.এম. ক্ষতিসাধন কৰাৰ অভিযোগত শুকুৰবাৰে ৰাতিপুৱা উধাৰবন্ধ আৰক্ষীয়ে এনাম উদ্দিন লস্কৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল আৰু নিয়ম অনুসৰি আৰক্ষীয়ে উধাৰবন্ধৰ পৰা অভিযুক্ত যুৱক জনক কাছাৰ আদালত হাজিৰ কৰোৱাৰ উদ্দেশ্যে লৈ গৈছিল ৷ কিন্তু, আদালতত উপস্থিত হোৱাৰ পিছত অভিযুক্ত যুৱকজনে লগতে থকা দুজন আৰক্ষীৰ জোৱানৰ চকুত ধুলি দি আদালতৰ দেৱাল জঁপিয়াই পাৰ হৈ পলায়ন কৰে ৷

আৰক্ষীৰ জোৱান দুজনে অভিযুক্ত যুৱকজনক ধৰাৰ চেষ্টা কৰে যদিও, যুৱকজনক ধৰিবলৈ সক্ষম নহয় ৷ সম্প্ৰতি এই ঘটনাৰ পিছত এতিয়া আৰক্ষীৰ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে ৰাইজৰ একাংশই ৷

লগতে পঢ়ক : অসমৰ মাটিত গুলী ফুটাই অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.