শিলচৰ, 6 আগষ্ট : শিলচৰত কৰ’ণা আক্ৰান্ত ৰোগী তথা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চলক লৈ চৰকাৰ তথা প্ৰশাসনে চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ কাছাৰ জিলাৰ তাপাঙ ইন্দ্ৰগড়ত দুই আগষ্টত সুমন দাস নামৰ এজন লোকৰ শৰীৰত ধৰা পৰে কৰ'ণা পজিটিভ ৷ ইয়াৰ পাছতেই প্ৰশাসনে অঞ্চলটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷
অঞ্চলটো প্ৰশাসনে ছীল কৰাৰ পাছত স্থানীয় লোকে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ কৰিছে ৷ বুধবাৰে অঞ্চলটোৰ প্ৰাক্তন পঞ্চায়ত সভাপতি কাজল ৰায়ৰ লগতে স্থানীয় লোকে প্ৰশাসনৰ এই কাৰ্যত কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷
লগতে পঢ়ক : আছুৰ ৰাজনৈতিক দল : পূৰণ কৰিব পাৰিবনে খিলঞ্জীয়াৰ আশা