শিলচৰ, 13 এপ্ৰিল : শনিবাৰে শিলচৰত নিৰ্বাচনী প্ৰচাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷ নিজ দলৰ প্ৰাৰ্থী নাজিয়া য়াছমিন মজুমদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে৷ শনিবাৰে শিলচৰৰ এখন হোটেলত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰে মত বিনিময় কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷
NPP ক বিজেপিৰ অনুগ্ৰহত লৰি ফুৰা দল বুলি কটাক্ষ কৰা কংগ্ৰেছৰ বিৰুদ্ধেও সৰৱ হৈ পৰে কনৰাড চাংমা৷ NPP এক সম্পূৰ্ণ স্বতন্দ্ৰ দল আৰু আৰু এই দলে নিজৰ স্থিতিত সদায়েই অটল বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি চাংমাই কয় যে, CAB ৰ সময়ত NPP য়েহে সম্পূৰ্ণ দৃঢ়ভাৱে অসমবাসীৰ লগত থিয় দিছিল ৷ সেই সময়ত বিজেপিৰ বিৰুদ্ধে মাত মাতিবলৈও NPP য়ে কুণ্ঠাবোধ কৰা নাছিল বুলিও প্ৰকাশ কৰে চাংমাই৷