ETV Bharat / state

শিলচৰ ডিটেনশ্বন কেম্পত জয়ৰাম ৰমেশ !

ডিটেনশ্বন কেম্পত মানব অধিকাৰ উলংঘন হৈছে ৷ যিসকল শৰণাৰ্থী বন্দী হোৱাৰ 3 বছৰ অতিক্ৰম হৈছে তেওঁলোকক মুক্তি দিব লাগে ৷ কিন্তু বহু শৰণাৰ্থীৰ 3 বছৰ অতিক্ৰম কৰা পাচতো তেওঁলোকক মুক্তি দিয়া হোৱা নাই ৷

author img

By

Published : Nov 7, 2019, 6:09 PM IST

শিলচৰ ডিটেনশ্বন কেম্পত উপস্থিত AICC ৰ প্ৰতিনিধি দল

শিলচৰ, 7 নৱেম্বৰঃ শিলচৰ ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এক উচ্চস্তৰীয় কমিটিয়ে ৷ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰ চেন্ট্ৰল জেলৰ ভিতৰত থকা ডিটেনশ্বন কেম্পত উপস্থিত হয় দলটো ৷ প্ৰতিনিধি দলে ডিটেনশ্বন কেম্পত থকা সকলৰ বুজ লোৱাৰ উপৰিও তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশৰ নেতৃত্বত অহা প্ৰতিনিধি দলত উপস্থিত থাকে জিতেন্দ্ৰে সিঙ, মানিকৰাম ঠাকুৰ, মুকুল ৱাছনিক, এমডি আলি খান, ৰিপুন বৰাৰ লগতে সুস্মিতা দেৱ ৷ পৰিদৰ্শনৰ পাচত জয়ৰাম ৰমেশে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপাত কয়, ডিটেনশ্বন কেম্পত মানব অধিকাৰ উলংঘন হৈছে ৷ যিসকল শৰণাৰ্থী বন্দী হোৱাৰ 3 বছৰ অতিক্ৰম হৈছে তেওঁলোকক মুক্তি দিব লাগে ৷ কিন্তু বহু শৰণাৰ্থীৰ 3 বছৰ অতিক্ৰম কৰা পাচতো তেওঁলোকক মুক্তি দিয়া হোৱা নাই ৷ তাৰোপৰি ডিটেনশ্বন কেম্পত বন্দী হৈ থকা বাংলাদেশী ঘোষিত 17 গৰাকী শৰণাৰ্থী নিজ দেশলৈ যাব বিচৰাৰ পাচতো বৰ্তমানলৈকে পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে এই সমগ্ৰ পৰিবেশ সন্দৰ্ভত বুজ লৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে ৷

Intro: শিলচৰ ডিটেনশন ক্যম্পত AICC ৰ প্ৰতিনিধি দল ৷Body:
V/O -: শিলচৰ ডিটেনশন ক্যম্প পৰিদৰ্শন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এক উচ্চস্তৰীয় কমিটি ৷ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পুনেপুনে শিলচৰ সেন্ট্ৰল জেলৰ ভিতৰত থকা ডিটেনশন ক্যম্পত উপস্থিত হয় ৷ প্ৰতিনিধি দলে ডিটেনশন ক্যম্পত থকা বন্দি সকলৰ বুজ ললে ৷ কথা পাতিলে তেওঁ লোকৰ লগে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী JOYRAM RAMESH নেতৃত্বত অহা প্ৰতিনিধি দলত আছিলে JITENDRA SINGH , MANIKRAM THAKUR , MUKUL WASNIK , MD. ALI KHAN , RIPUN BORA , SUSHMITA DEV ৷ পৰিদৰ্শনৰ পাছত জয়ৰাম ৰমেশে সংবাদমাধ্যমৰ লগত কথাপাতি কয় ডিটিনশন ক্যম্পত মানবাধিকাৰ লঙ্ঘন হই আছে ৷ কাৰন যি বিলাকৰ বন্দি হোৱাৰ ৩ বছৰ অতিক্ৰম হইছে তেওঁ লোকক মুক্তি দিব লাগে ৷কিন্ত বহুতৰ ৩ বছৰৰ অধিক সময় পাৰ হলেও তেওঁ লোকক মুক্তি দিয়া নাই ৷ লগতে কলে ডিটেশন ক্যম্পত বন্দি থকা ১৭ গৰাকী ঘোষিত বাংলাদেশী নিজৰ দেশত যাব বিচাৰিছে ৷কিন্ত তেওঁ লোকক পাঠাবাৰ কোন ব্যবস্থা কৰ হোৱা নাই ৷ বুজ লই সোনিয়া গান্ধীৰ তাতে ৰিপোৰ্ট দাখিল কৰা হব বুলি জনালে ৰমেশে ৷বাইট---জয়ৰাম ৰমেশ ৷Conclusion:কংগ্ৰেছৰ লক্ষ মানুহৰ মাজত একতা আনিবলৈ চেষ্টা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.